দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যালয়স্থিত বিহপুৰীয়া বিধানসভা সমষ্টিত পৰিষদৰ নিৰ্বাচনক লৈ আৰম্ভ নিৰ্বাচনী বতাহ। শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। বিজেপিয়ে টিকট ঘোষণাৰ পূৰ্বেই বিধায়ক ড• অমিয় কুমাৰ ভূঞাই বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটাকৈ সমষ্টিত বিৰোধী শূণ্য কৰাৰ লক্ষ্যৰে নামি পৰিছে নিৰ্বাচনী যুঁজত।