অৱশেষত উদ্ধাৰ হ'ল মঙলবাৰে ব্ৰক্ষ্মপুত্ৰ নদীত নিখোজ হোৱা শ্ৰমিক শ্বাহৰুখৰ মৃতদেহ। 

গুৱাহাটী-উত্তৰ গুৱাহাটী নিৰ্মীয়মাণ দলঙত কৰ্মৰত অৱস্থাত নৌকাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছিল ২২বছৰীয়া শ্বাহৰুখ আলী। 

মহানগৰীৰ ধীৰেণপাৰাৰ মছজিদ গলিত বসবাস কৰা শ্বাহৰুখ মঙলবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত ভৰলুমুখৰ ব্ৰক্ষ্মপুত্ৰৰ পৰা কৰ্মৰত অৱস্থাত নৌকাৰ পৰা পিচলি পৰে। 

এই ঘটনাৰ পিছতে SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছিল যদিও আজিহে কালিপুৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্বাহৰুখৰ মৃতদেহ। 

উল্লেখ্য যে, SP SINGLA CONSTRUCTION-এ নিৰ্মাণ কৰি আছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন।

শ্বাহৰুখৰ এনে দুৰ্ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে বিষয়ববীয়াসকল।