যোৱা ১ আগষ্ট আৰু ২ আগষ্ট তাৰিখে মাজুলী জিলাৰ নিৰ্বাচনী বিষয়াই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ আৰু উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ সভাকক্ষত বি .এল .অ সকলক ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰে।
উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত BLO সকলক ভাৰতীয় নিৰ্বাচনী আয়োগৰ দ্বাৰা সংশোধন কৰা প্ৰ-পত্ৰ সমূহৰ বিষয়ে বিশদভাবে বৰ্ণনা কৰা হয় আৰু ভোটাৰ সকলৰ আধাৰ আৰু ভোটাৰ সংযোগৰ ক্ষেত্রত ক্ষিপ্ৰ ভাবে কাম কৰিবৰ বাবে আহ্বান জনায়।
ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত, কৰ্তন, শুদ্ধৰণি আৰু আধাৰ- ভোটাৰ সংযোগ কৰিবৰ বাবে ভোটাৰ সকলে voter helpline app, nvsp.in আৰু voter portal ৰ যোগেদি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।