৮ নৱেম্বৰত দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ধেমাজি প্ৰশাসনৰ প্ৰস্তুতি//৪ সমষ্টিৰ ৮০৯৩ ভোটাৰে সাব্যস্ত কৰিব পাৰিব ভোটদান

গণস্তম্ভ সেৱা চিলাপথাৰ,১৩ অক্টোবৰ: দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ধেমাজি জিলা প্ৰশাসনতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে। কালি আবেলি জিলাখনৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সাংবাদিক সকলক লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে অনুষ্ঠিত সভাত এই নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই এই কথা সদৰি কৰি কয় যে, অহা ৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব ১০ নৱেম্বৰত। নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৯ অক্টোবৰ। ২৫ অক্টোবৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সেই দিনাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। তেওঁ নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্য জনাৰ বাবে ৰাজনৈতিক দল বা প্ৰাৰ্থী সকলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই নিৰ্বাচনত ধেমাজি মহকুমাৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেই কেইটা হৈছে গোগামুখ, চিচিবৰগাওঁ, শ্ৰীপানী আৰু বৰদলনি। এই সমষ্টি কেইটাৰ মুঠ ৮০৯৩ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচন বিভাগৰ অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইনে আগ্ৰহী প্ৰাৰ্থী সকলৰ প্ৰয়োজনীয় কৰ্তব্য সম্পৰ্কে আলোচনা কৰে। সভাত নিৰ্বাচন বিষয়া ৰুবী ৰয়, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা মীণ উন্নয়ন বিষয়া লক্ষ্মীনাথ লাগাচুৰ উপৰি সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু কেইবাজনো সাংবাদিক উপস্থিত থাকে।