নুমলীগড়ৰ বগীঢলাত বন্যহস্তীৰ মুক্ত বিচৰণ ।
নুমলীগড়ৰ বগীঢলা মাধৱপুৰৰ দৃশ্য এয়া । বন্যহস্তীৰ এটা বৃহৎ জাকে আশ্ৰয় লৈ আছে চাহ বাগিচাত। নিশা সমীপৰ গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় হাতীৰ জাকটোৱে । খাদ্যৰ সন্ধানত এখন গাঁৱৰ পৰা আন এখন গাৱলৈ নিতৌ ঢাপলি মেলে হাতীৰ জাকটোৱে । বনাঞ্চল সংকূচিত হোৱাৰ ফলত জনাঞ্চলত এতিয়া খাদ্য বিচাৰি হাহাকাৰ লাগিছে বন্যজীৱৰ । নুমলীগড়ৰ বহুকেইখন চাহবাগিচাত নিতৌ আশ্ৰয় লয় হাতীৰ জাকে । চাহবাগিচাৰ হোলাসমূহত খাদ্যৰ সন্ধানত নামি খাদ্যগ্ৰহণ হাতীৰ।