চিকিৎসক সকলক সাধাৰণ লোকে  সৰ্বসাধাৰণতে ভগৱান যেন মানে , কিন্তু চিকিৎসক সকলে পুৱাৰ ভাগত ঈশ্বৰ উপাষনা কৰাৰ পিচতহে আগবাঢ়ে চিকিৎসা কৰিবলৈ৷ আমি আজি দেখোৱাইছো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুৱাৰ ভাগত  এইদৰেই হয়  আৰাধনা৷

এই নান্দনিক দৃশ্যই আধ্যাত্মিকতাৰ দিশে ধাৱিত কৰিব সকলোকে৷ প্ৰতিদিনাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এই দৰেই চলা আৰাধনাা অশং লয় চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীৰ লগতে ৰোগী সকলেও৷

ইয়াতকৈয়ো গুৰুত্বপূৰ্ণ কথাটো হল যে প্ৰাৰ্থনা কৰা স্থানত কেৱল হিন্দুৰ উপাস্য দেৱতা সকলৰ ফটোৱেই নহয় ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ উপাস্য দেৱতাৰো ফটো একেলগে থকাটোৱে আমাৰ দেশৰ বৈচিত্ৰ্যৰ মাজত একতাৰ দিশ টো ফুটি উঠে৷