ফকিৰগঞ্জ থানাৰ অন্তৰ্গত কুশবাৰীৰ পৰা ১৪টাকৈ চোৰাং গৰু জব্দ। ফকিৰগঞ্জ আৰক্ষীৰ সফলতা।

ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলীৰ আহমেদৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তবৰ্তী কুশবাৰী অঞ্চলত অভিযান চলাই ১৪ টা কৈ চোৰাং গৰু জব্দ কৰে,অবৈধ গৰু সৰবৰাহৰ লগত জড়িত ব্যৱসায়ী সকল ঘটনা স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়,আনফালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে গোৱালপাৰা জিলাৰ জলেশ্বৰ,গৌৰনগৰ গৰু বজাৰ সমূহৰ পৰা এই অবৈধ সৰৱৰাহ কাৰ্য্য চলি আছে, আৰু অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থাকিব বুলি ভাৰপ্ৰাপ্ত বিষয়া জনে জানিবলৈ দিয়ে।