চিলাপথাৰত ৬ অনুষ্ঠানৰ উদ্যাগত// দ্বাদদশ সংখ্যক সুধাকণ্ঠ দিৱসৰ প্ৰস্তুতি উদ্ যাপন সমিতি গঠন
চিলাপথাৰত সাৰথি স্বেচ্ছাসেৱী সংস্হা, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱ, চিলাপথাৰ কবি সমাজ , নিখিল ভাৰত বঙ্গ সাহিত্য সন্মিলন চিলাপথাৰ শাখা ,মাদুৰিপথাৰ মহিলা সমাজ , কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ ধেমাজি জিলাৰ উদ্যোগত আৰু বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত অসমীয়া জনজীৱনৰ অন্তৰে অন্তৰে ঠাই পোৱা সকলোৰে অতি মৰমৰ ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সুঁৱৰিবৰ কাৰণে অহা ইংৰাজি ৫ নৱেম্বৰ তাৰিখে মহান শিল্পী জনাৰ দ্বাদশ সংখ্যক মৃত্যু তিথি উপলক্ষে চিলাপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে শীৰ্ষক ' সুধাকণ্ঠ দিৱস' আয়োজন কৰাৰ হেতু বিশিষ্ট সমাজকৰ্মী কবি কুমুদ দত্ত ক সভাপতি আৰু মনোজ কুমাৰ দাস ও শম্ভু দাসক যুটীয়া সম্পাদক হিচাপে লৈ এখনি ৩১ জনীয়া বৃহৎ উদ্ যাপন সমিতি গঠন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত চিলাপথাৰৰ সমাজ জীৱনত অনবধ্য সেৱা আগবঢ়োৱা ক্ৰমে- গড়মৰা আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী প্ৰেমকৃষ্ণ দেৱগোস্বামী, জেষ্ঠ্য সাংবাদিক লক্ষীন্দ্ৰ সোনোৱাল, আৰক্ষী বিষয়া দিগন্ত দাস, কৰ্তী শিক্ষয়িত্ৰী অঞ্জুমনি গগৈ লৈ বিশেষ সম্বৰ্দ্ধনা জনোৱা হ'ব । জোনাইৰ বিধায়ক ভূৱন পেগু , ধেমাজিৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ আৰু লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মোছলেহেউদ্দিন আম্বেদ মূখ্য অতিথিৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষ উপাধ্যক্ষ, দল সংগঠনৰ কৰ্মকৰ্তা সকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব । সুধাকণ্ঠ দিৱসটি সাফল্য মণ্ডিত কৰিবৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্ যাপন সমিতিয়ে ।