পশ্চিম বংগৰ পূব মিডনাপোৰ জিলাস্থিত এটা অবৈধ ফটকা বনোৱা কাৰখানাত মঙলবাৰে সংঘটিত বিস্ফোৰণত এজন কিশোৰসহ দুগৰাকী লোক নিহত হোৱাৰ লগতে পাঁচগৰাকীকৈ লোক আহত হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।

কলকাতাৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ জিলাখনৰ পাঞ্চকুৰা অঞ্চলৰ এটা ঘৰত দিনৰ প্ৰায় ১১ মান বজাত এই বিস্ফোৰণটো সংঘটিত হৈছিল।

ঘৰটোৰ মুৰব্বী শ্ৰীকান্ত ভক্তৰ পূৰ্বে ফটকা বনোৱাৰ অনুজ্ঞাপত্ৰ আছিল যদিও এবছৰ পূৰ্বেই তেওঁৰ সেই অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি গৈছিল বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনায়।

ফটকাসমূহ ঘৰৰ এটা অংশত মজুত কৰি ৰাখিছিল আৰু তাতেই সংঘটিত বিস্ফোৰণটোত ঘৰটোৰ এটা অংশ প্ৰায় ধ্বংস হৈ যায়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘আমি তদন্ত আৰম্ভ কৰিছো। ঘৰটোৰ পৰা ফটকা আৰু ফটকা নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰা হৈছে’।   

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি ৰাতিপুৱা প্ৰায় ১১ বজাত বিস্ফোৰণৰ শব্দ শুনিছিল আৰু লগে লগে ঘটনাস্থলত উপস্থিত হৈছিল। তেওঁলোকে ঘৰটোৰ মজিয়াত সাতগৰাকী লোক পৰি থকা দেখিছিল আৰু তেওঁলোকক তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যোৱা হৈছিল।

হাস্পতাল পোৱাৰ পূৰ্বেই কিশোৰজনে প্ৰাণ হেৰুৱাইছিল আৰু স্বৰ্ণলতা ভক্ত নামৰ মহিলাগৰাকীৰ চিকিৎসাৰ সময়ত মৃত্যু ঘটে। আন পাঁচজন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।