তেজস্বিতাৰ বাসগৃহত উপস্থিত বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি আৰু টীম মাজুলীৰ প্ৰতিনিধি ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
মাজুলীৰ গৌৰব সু-গায়িকা তেজস্বিতা বৰুৱা(১৪) নামৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে অক্সিজেনৰ অভাৱৰ বাবে মাজুলী গড়মুৰ জিলা চিকিৎসালয়ত ৫ অক্টোবৰত অকাল মৃত্যুক সাৱতি লব লগা হৈছিল। যাক লৈ তুলপাৰ সমগ্ৰ অসম । তেজস্তিতাৰ মৃত্যুৰ খবৰ বাগৰি পৰা লগে লগে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠনে খবৰ লৈছিল তেজস্বিতাৰ বাসগৃহত । সেই অনুসৰি আজি তেজস্বিতাৰ বাসগৃহলৈ গৈ মৃতকৰ পৰিয়ালৰ খবৰ ললে বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীৰ লগতে টীম মাজুলীৰ সদস্য সকলে। বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে মৃতকৰ পৰিয়ালৰ লগত দুখৰ সমভাগি হোৱাৰ লগতে তেজস্বিতাৰ পিতৃ হাতত শোঁক প্ৰস্তাব প্ৰদান কৰে। লগতে শোঁক প্ৰস্তাব প্ৰদান কৰে টীম মাজুলীৰ প্ৰনৱজ্যোতি কাশ্যপৰ লগত যোৱা সদস্য সকলে। তেজস্বিতাৰ বাসগৃহতে সাংবাদিকৰ আগত বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে কয় এম্বুলেঞ্চ দিলেই চিকিৎসা সেৱা উন্নত নহয়। যদি বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা সামগ্ৰী নাথাকে চিকিৎসালয়ত। ঐতিহ্য মণ্ডিত মনিকাঞ্চন সংযোগ স্থলী মাজুলীৰ ফুল নুফুলাকৈ জীপাল হৈ উঠা মাজুলীৰ তথা অসমৰ প্ৰতিভা তেজস্বিতা বৰুৱাৰ যোৱা ৫ অক্টোবৰত যি অকাল মৃত্যুৱে অকল পৰিয়ালকে নহয় সমগ্ৰ অসমকে কন্দুৱাই গৈছে বুলি কয় জনাৰ্দন দেৱ গোস্বামীয়ে।