বিহাৰৰ আগমকুয়ান আৰক্ষী থানাই গোপন সূত্ৰৰ জৰিয়তে বাইৰিয়া বাছ ষ্টেণ্ডৰ ওচৰত অভিযান চলাই এজন অস্ত্ৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।
তালাচীৰ সময়ত আৰক্ষীয়ে কলকাতাৰ পৰা পাটনালৈ যোৱা বাছৰ টিকটৰ উপৰিও ২৫ টা অৰ্ধনিৰ্মিত পিষ্টল পাটনা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পোৱা এক তথ্য অনুসৰি বাইৰিয়া বাছ ষ্টেণ্ডৰ ওচৰত অভিযান চলাই এজন অস্ত্ৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।
তেওঁৰ পৰা ২৫ টা পিষ্টল,এটা মোবাইল ফোন আৰু নগদ ৮৫০ টকা উদ্ধাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক জামুই জিলাৰ লোহৰাৰ বাসিন্দা মহম্মদ তৌচিফ আলম বুলি চিনাক্ত কৰা হৈছে।
পাটনা আৰক্ষীয়ে জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা অভিযুক্তজনে কয় যে অবৈধ অৰ্ধনিৰ্মিত অস্ত্ৰবোৰ মুংগেৰ জিলাৰ বাসিন্দা মহম্মদ এহছান নামৰ এজন ব্যক্তিয়ে দিছিল।
আৰু এই অস্ত্ৰবোৰ পাটনাৰ মহম্মদ ইতৱাৰীক দিব লগা আছিলে। পাটনা আৰক্ষীয়ে এই ক্ষেত্ৰত চোৰাং অস্ত্ৰ ব্যৱসায়ৰ গোটেই নেটৱৰ্কৰ অনুসন্ধান আৰম্ভ কৰিছে।