১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু।
১৩,১৪ অক্টোবৰত গুৱাহাটীত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও বিশেষ কাৰ্যসূচীত।
ৰাষ্ট্ৰপতি গৰাকীৰ আগমণ সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীয়ে সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত কিছু পথ নিৰ্দেশনা জাৰি কৰিছে।
১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন সমূহৰ চলাচল ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ থাকিব ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ।
১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব একেই বাহনৰ চলাচল।
আনহাতে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ DG ROAD, AT ROAD, MG ROAD, KLB ROAD, TAIBULLAH ROAD, GNB ROAD, B.BARUAH ROAD, GS ROAD আৰু PUNJABARI ROAD ত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।