গুজৰাটত চলি থকা ৩৬ সংখ্যক নেশ্যনেল গেমছত চমপ্ৰদ প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ দুই প্ৰতিভাৱান মহিলা বক্সাৰে।

আশা কৰা ধৰণেই নিজৰ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই লাভলিনা বৰগোঁহাইয়ে মহিলাৰ ৱেল্টাৰৱেইট শাখাত (৭০-৭৫ কিলোগ্ৰাম) স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী বক্সাৰ লাভলিনাই হাৰিয়ানাৰ স্বীতি বুৰাক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে।

ইফালে ইয়াৰ পূৰ্বে আজিৰ দিনটোতে আনগৰাকী অসম কন্যা অংকুশিতা বড়োয়েও নেশ্যনেল গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে।

অংকুশিতাই ৬৬ কিলোগ্ৰাম শাখাত মণিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে।

উল্লেখ্য যে অসমৰ আন তিনিগৰাকী প্ৰতিভাৱান বক্সাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো আৰু ফাইলাও বসুমতাৰীয়ে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।