ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে মঙলবাৰে এক সন্মিলনত উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নাম আগবঢ়ায়।

অহা ৯ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশ চন্দ্ৰচূড় হ’ব দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ।

মুখ্য ন্যায়াধীশৰ আসনত নিযুক্ত হোৱাৰ পিছত তেওঁৰ কাৰ্যকাল ২০২৪ বৰ্ষৰ ১০ নৱেম্বৰলৈ থাকিব।

উল্লেখ্য যে, কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে বিগত সপ্তাহত পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ গৰাকীক তেওঁৰ উত্তৰাধিকাৰীৰ পৰামৰ্শ দিবলৈ কৈছিল। 

ইয়াৰ পিছতে মঙলবাৰে মুখ্য ন্যায়াধীশ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশক পুৱা ১০.১৫ বজাত ন্যায়াধীশৰ সভাকক্ষত একত্ৰিত হ’বলৈ অনুৰোধ জনায় আৰু মুখ্য ন্যায়াধীশৰ উত্তৰাধিকাৰীৰ নাম এখন পত্ৰযোগে আগবঢ়ায়।

উল্লেখ্য যে অহা ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব উদয় উমেশ ললিতে।