অসম চাহ মজদুৰ সংঘ,সোণাৰি শাখাৰ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ।
অসম চাহ মজদুৰ সংঘ,সোণাৰি শাখাত যোৱা ২৯ জুলাইত সংঘৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংঘৰ কাৰ্য্যকৰী কমিটিৰ সিদ্ধান্ত অনুযায়ী সংঘৰ অন্তৰ্গত বাগিছা সমূহত কাম কৰা শ্রমিক সকলৰ মৌলিক দাবীৰ সমাধান বিচাৰি সকলো শ্রমিকে কামলৈ যোৱাৰ পূর্বে বাগিছা কাৰ্য্যালয়ৰ প্ৰাঙ্গনত শান্তিপূর্ণভাৱে সমৱেত হৈ অহা ইং ০৩/০৮/২০২২ তাৰিখে ধর্ণা কাৰ্য্যসূচী আৰু ইং ০৪/০৮/২০২২ তাৰিখে ধর্ণা কাৰ্য্যসুচী ও বাগিছা পৰিচালক সকলক স্মাৰক পত্র প্রদান কার্য্যসূচী হাতত লোৱা হৈছে ।