টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। নিজ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহৰ মূৰত গুৰুতৰ আঘাতৰ চিন । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত। গাওঁখনৰ নিতুল শইকীয়া আৰু তেওঁৰ দুই পুত্ৰ কৰ্মসূত্ৰে চেন্নাইত থাকে। ঘৰত কেৱল নিতুলৰ পত্নী প্ৰায় ৪০ বছৰীয়া নিৰদা শইকীয়া অকলশৰে থাকে। ইয়াৰে সুযোগ গ্ৰহণ কৰি দুবৃত্তই মহিলা গৰাকীৰ মূৰত কোনো গধুৰ বস্তুৱে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। কালিয়েই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও আজি পোহৰলৈ অহাত সন্ধিয়া ঘটনা স্থলীত টিংখাং আৰু ৰাজগড় আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইফালে মহিলা গৰাকীয়ে থকা ঘৰটোৰ আগফালৰ দৰ্জা খন বন্ধ থকাৰ বিপৰীতে পাছফালৰ দৰ্জাখন খোলা হৈ আছে। আৰু মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। মৰোনত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কি পৰিস্থিতিত মহিলা গৰাকী হত্যাৰ বলি হব লগা হল ইয়াক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मध्यप्रदेश में दो दिनों बाद फिर होगी झमाझम बारिश ओलावृष्टि,दो दिन रहेगी बारिश से राहत।
MP Whether Update:- मध्यप्रदेश में बारिश में आई कमी, अब बढ़ेंगे धूप के तेवर।
मध्यप्रदेश...
लोगों को आत्मनिर्भर बनाने में सहकारिता हैं मुख्य आधार - लाठी
लोगों को आत्मनिर्भर बनाने में सहकारिता हैं मुख्य आधार - लाठीबूंदी। श्री महेश क्रेडिट को-ऑपरेटिव...
नेताजी को आया TI पर गुस्सा, देखिए फिर क्या हुआ! MP News
MP News TVनेताजी को आया TI पर गुस्सा, देखिए फिर क्या हुआ! MP News #mpnews #TI #police
Joint inspection of the inter - State boundary of Assam- Arunachal held
The Joint inspection of the inter-State boundary of Assam- Arunachal was undertaken today by...