আছু, এবছু বা অসম সাহিত্য সভা আদি অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সংগঠন৷ এওঁলোকৰ মতৰ অমিল হোৱা কোনো কাম চৰকাৰে নকৰে৷ সকলোৰে লগত বুজাপৰা কৰিহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব৷

শেহতীয়াভাৱে জাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদানৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ পিচত আজি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই৷

বাক্সা জিলাৰ মুছলপুৰত আজি কৃতজ্ঞতা আঁচনিৰ অধীনত পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক লৈ যদি অসমৰ জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে বিৰোধিতা কৰে তেনে কাম চৰকাৰে কেতিয়াও নকৰে৷

সকলোৱে গ্ৰহণ কৰিব পৰাকৈ আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত ল'ব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰি শিক্ষা বিভাগে আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে৷

সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই পেন্সন সেৱা কেন্দ্ৰৰ জৰিয়তে নিজ নিজ জিলাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে এতিয়া পেঞ্চনৰ সৈতে জড়িত সকলোবোৰ কাম-কাজ কৰিব পাৰিব ৷ পেঞ্চনাৰসকলে এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ’ব ৷ তেওঁ কয় যে পেঞ্চন সেৱা কেন্দ্ৰ হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পেঞ্চনৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভূগি অহা দুখ-কষ্ট তথা বিভিন্ন অসুবিধা হ্ৰাস কৰাৰ এক বৃহৎ প্ৰয়াস৷

অতি সৰলীকৃত প্ৰক্ৰিয়াৰে যাতে পেঞ্চন লাভ কৰিব পাৰে তাৰবাবে ৰাজ্য চৰকাৰে কৰা এক অভিনৱ প্ৰচেষ্টা৷ অনলাইন "কৃতজ্ঞতা" প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন, আপলোড কৰাৰ সুবিধাৰ বাবে আন জিলাবোৰৰ দৰে বাক্সাতো এই পেঞ্চন সেৱা কেন্দ্ৰটো স্থাপন কৰা হৈছে বুলি ব্ৰহ্মই কয়৷

বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে আঁতধৰা আজিৰ এই পেন্সন সেৱা কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, ৰাকেশ ব্ৰহ্ম, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ পাৰিষদ মন্টু বড়ো, জিলা উপায়ুক্ত মাচান্দা মাগডালিন পাৰ্টিন, জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালীৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকে৷