পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত বৃদ্ধ

সোণাৰিৰ ন জবকা তিনিআলিত বাইকৰ খুন্দাত গুৰুত্ব ৰ ভাবে আহত এগৰাকী বৃদ্ধ 

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ন জৱকা তিনিআলিত এ এচ ০৪ এক্স ০২৭২ বাইকখনে সাপেখাটিৰ পৰা সোণাৰি অভিমুখে আহি থকা অৱস্থাত হঠাৎ সোমেশ্বৰ গগৈ নামৰ বৃদ্ধ লোকজনে চাইকেলেৰে ধোদৰ‌আলি অতিক্ৰম কৰিব ল‌ওতে বাইক খনে মহতিয়াই নিয়াত বৃদ্ধ লোকজনৰ মুৰত গুৰুত্ব ভাবে আঘাত প্ৰাপ্ত হয় । পাছত মৃত্যুঞ্জয় ১০৮ ৰ সহায়ত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ।