মাজুলী মাণ্ডলিক সমিতিৰ উদ্যোগত আৰু জেংৰাইমূখ মহাবিদ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ কৰ্মশালা।
UGC ৰ গুহাটীত যি কাৰ্যালয় অছে সেই কাৰ্যালয়তো দিল্লীলৈ লৈ যোৱা যি যো জা চলিচে তাক বিৰোধৰিতা সদৌ অসম কলেজ শিক্ষক সন্থাৰ।
অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তৰ মূখ্য অতিথি তথা নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ।
উজনী মাজুলী উচ্চ শিক্ষানুষ্ঠান জেংৰাইমূখ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সন্থা, মাজুলী মাণ্ডলিক সমিতিৰ উদ্যোগত আৰু জেংৰাইমূখ মহাবিদ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ কৰ্মশালা অনুষ্ঠিত হয়॥
মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই।
ডঃ ননীগোপাল মহন্তক মাজুলীৰ ৫ খন মহাবিদ্যালয়ৰ ৫ তাকৈ সাংস্কৃতিক দলে মিচিং গোমৰাগ নৃত্য, দেউৰী বিহু, অসমীয়াৰ বাপুতি সাহোন বিহু আৰু সত্ৰীয়া সংস্কৃতিৰ গায়ন বায়নেৰে আদৰণি জনায়।
আজি জেংৰাইমূখ কলেজত অনুষ্ঠিত হোৱা সভাখন সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰাজেন বৰাই।
সভাখন উদ্ধোধনী ভাষন প্ৰদান কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই।