এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বহিঃৰাজ্যৰ যুৱতীক চলন্ত ৰেলত নিৰ্যাতন আৰপিএফ জোৱানৰ ।লামডিঙৰ পৰা গুৱাহাটী অভিমুখী অবোধ অসম এক্সপ্ৰেছত এই ঘটনাটো সংঘটিত হৈছে।
জানিব পৰা মতে চাকৰিৰ পৰীক্ষা দিবলৈ ডিফুলৈ আহিছিল যুৱতীগৰাকী । যুৱতীগৰাকীক আসন দেখুৱাই দিবলৈ সহায় বিচাৰিছিল আৰপিএফ জোৱানজনে।
আসন দেখুৱাৰ চলেৰে অন্য ডবালৈ লৈ গৈ জোৱানজনে যুৱতীগৰাকীক নিৰ্যাতনৰ চেষ্টা চলায়। পিছত যুৱতীগৰাকীয়ে হেল্পলাইন নম্বৰৰ সহায় লৈ সম্ভাৱ্য এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ।
ৰেল আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযুক্ত জোৱান জনক আটক কৰে । আৰপিএফ জোৱানজনৰ নাম ওম প্ৰসাদ মীনা ৷ জোৱানজনক লগে লগে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।