সোণাৰিত আৰক্ষীৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ব্যৱসায়ীৰ প্ৰতিবাদ

ব্যৱসায়ীক হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ

ঘটনাত জড়িত এজনক আটক আৰক্ষী

আন দুজনক শীঘ্ৰেই কৰায়ত্তৰ দাবী ব্যৱসায়ীৰ , অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভা

যোৱা তিনি অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদে পৰিয়ালৰ আন দুজন উদণ্ড যুৱকক লগত লৈ গুৰুলাগুৰুল ভাৱে মাৰপিট কৰি গুৰুতৰ ভাৱে আঘাত কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত আৰু ঘটনাত জড়িত দোষী সকলক শীঘ্ৰেই আটক কৰাৰ দাবীত আজি সোণাৰি শাক-পাচলি ব্যৱসায়ী সন্থা , পাচলি বজাৰ সন্থা, মাছ বজাৰ সন্থা আৰু মদিনা মাৰ্কেট ব্যৱসায়ী সন্থাই দিনৰ দহ বজাৰ পৰা মদিনা মাৰ্কেটৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইতিমধ্যে সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই ঘটনাটোৰ মূল তিনিজনৰ ভিতৰত এজন খল'নায়ক চিয়াবউদ্দিন আহমেদক আটক কৰে যদিও ঘটনাৰ সৈতে জড়িত আন দুজন ক্ৰমে তেওঁৰে পৰিয়ালৰ চাহিদ আহমেদ আৰু আখতাৰ আহমেদ এতিয়াও পলাতক অৱস্থাত আছে । আজি প্ৰতিবাদ কৰা ব্যৱসায়ী সকলে শীঘ্ৰেই আন দুজনক আটক কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে । অন্যথা ব্যৱসায়ী সকলে ইয়াতকৈও তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দি