দ্বিতীয় গকুল-মথুৰা বৃন্দাবন লৈ পৰ্যবেশিত হব মাজুলীআজি লক্ষ্মী পূৰ্ণিমাৰ দিনটোত মাজুলীত আৰম্ভ ৰাসৰ নাটক মেলা পৰ্ব । 

মাজুলীৰ ৩২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত এইবাৰ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ 

বৃন্দাবন- মথুৰালৈ পৰ্যবেসিত হ'ব সত্ৰ নগৰী মাজুলী । 

অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলী ৷

 গুৰু দুজনাৰ মিলনৰ মনিকাঞ্চন সংযোগস্থলী মাজুলীৰ প্ৰধান উৎসৱেই হল - ৰাস মহোৎসৱ ৷

চলিত বৰ্ষৰ ৮ নবেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাস মহোৎসৱৰ 

যাক লৈ মাজুলীৰ বিভিন্ন স্থানত আৰম্ভ হৈছে ৰাস মেলা পৰ্ব । 

মাজুলীৰ প্ৰায় ৩২ খন সত্ৰ আৰু অৰ্ধ শতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ । 

তাৰ বাবে আজি পৰা চলিছে ৰাখৰ আখৰা। 

 অসমৰ ভিন্ন প্ৰান্তত শাৰদীয় দুৰ্গোৎসৱ পালন কৰে ঠিক তেনেদৰে দূৰ্গাপূজা বিহিন মাজুলীত উদযাপন হয় ৰাস মহোৎসৱ ।

   মাজুলীত শৰৎ আহিলেই উন্মনা হয় মাজুলীবাসী  

আয়োজন চলি ৰাসোৎসৱৰ । 

আজি লক্ষ্মী পূৰ্ণিমাৰ দিনটোত ৰাসৰ নাট মেলা ৰ শুভাৰম্ভ হয় মাজুলীত ৷ 

 আজিৰ দিনটোৰ পৰাই মাজুলীত সঁচা অৰ্থত যেন আগমন হয় শৰতৰ ৷

 দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হব মাজুলী ।   

  এই শাৰদীয় বতৰতেই মাজুলীলৈ আগমন ঘটিব দেশী বিদেশী পৰ্যটকৰো