ঐতিহ্যমণ্ডিত আমলখি দেওশালত টাই আহোম সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি "খ্যেক-লাই-খাও-মী আই জঙ লাও ঙী জঙ কাম" অৰ্থাৎ লখিমী আদৰা উৎসৱ আয়োজন কৰা হয়। শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে উদযাপন কৰা হয় এই অনুষ্ঠানৰ । উল্লেখ্য যে, চাও লুং ছুকাফাই এই মুলুকত ৰাজ্য প্রতিষ্ঠা কৰাৰ পাছৰে পৰা ম্যুঙ দুন ছুন খামত শস্যৰ আয়ুস বৃদ্ধিৰ বাবে পূজা অৰ্চনা কৰা ব্যৱস্থা হয় । এই পৰম্পৰা অনুষ্ঠানত টাই আহোমসকলৰ উপাস্য জলশক্তি ‘খাও খাম'ৰ পৰা খন্ – আয়ুস বিচাৰি পূজা-পাতল কৰি আহিছে পূৰ্বৰে পৰা । মন কৰিবলগীয়া যে টাই আহোমসকলৰ প্ৰধান খেতিৰ শস্য হ'ল–ধান (লখিমী) । এই ধানৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে সোণালী গুটিৰে নদন-বদন হৈ ভঁৰালত ওপচি পৰাৰ কামনা কৰি আহোমসকলে উপাসনা কৰি আহিছে । বছৰৰ আহিন মাহত ধান গছ সঁজাল ধৰি গেঁওলি হোৱাৰ সময় হয় , সেয়েহে এই মাহত – লাই খাও মী আই জঙ লাও ঙী জঙ খাম উৎসৱ অনুষ্ঠান পতাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । টাই আহোমসকলৰ ধান খেতিয়েই মূল জীৱিকাৰ শক্তি হলেও অন্যান্য শস্যসমূহৰো শক্তি বৃদ্ধি বা আয়ুস বৃদ্ধি সকলোৰে কামনা কৰে । এই আয়ুস বৃদ্ধি কামনা পৰম্পৰাকে সাৰোগত কৰি আহোম ৰজাদিনীয়া জাগ্ৰত ঐতিহাসিক দেওশালখনত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
1 नवम्बर को राजस्थान में हो सकता है सार्वजनिक अवकाश:कर्मचारियों की मांग पर सरकार कर सकती है घोषणा
राजस्थान में 1 नवम्बर को सार्वजनिक अवकाश हो सकता है। कर्मचारियों की मांग पर राज्य सरकार बुधवार को...
मुंबई-गोवा महामार्गासाठी सर्व कोकणकर एकत्र; जनआक्रोश आंदोलनासंदर्भात रणनीतीसाठी मान्यवरांच्या भेटीगाठी सुरू
गेली अनेक वर्षे रखडलेला मुंबई - गोवा महामार्ग व असलेल्या रस्त्यावर पडलेले खड्यांबाबत सर्वसामान्य...
Zeenat Aman appreciates Jubilee star Wamiqa Gabbi's performance. - Newzdaddy
With its captivating plot and excellent acting, Jubilee on Amazon Prime Video is one of the most...