কৰ্ম ব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায৷ যেনে–

[১] মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোটিছোল নামৰ এবিধ হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুয়ে এইবিধ হৰমনৰ ক্ষৰণ হ্ৰাস কৰে৷ ফলত মন ভালে থাকে৷

[২] কণীঃ কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে৷ তদুপৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে৷

[৩] সামুদ্ৰিক মাছঃ ছালমন জাতীয় সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন ‘বি’ থাকে৷ ফলত এনে মাছ খালে মানসিক চাপ কমে৷

[৪] নহৰুঃ বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনটোক আঁতৰাই ৰাখে৷

[৫] ব্ৰকলিঃ ব্ৰকলিত ছালফ’ৰাফেন নামৰ এবিধ উপাদান থাকে৷ ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে৷

[৬] কাবুলী বুটঃ কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে উপকাৰী৷ ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে৷

[৭] ব্লু বেৰীঃ প্ৰতিদিনে যদি কেইটামান ব্লু বেৰী খাব পৰা যায়, তেন্তে মন প্ৰফুল্ল হৈ থাকে৷ ইয়াত থকা ফ্লেভান’য়েড নামৰ এণ্টিঅক্সিডেণ্ট উপাদানে কম সময়ৰ ভিতৰতে মানসিক অৱসাদ বা চাপ আঁতৰ কৰে৷