Slug --- Dergaon caw syndicate

Date=08/10/2022

Story-দেৰগাৱঁত অব্যাহত আছে চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেট । নিশা দেৰগাঁৱৰ ভিতৰুৱা দানিচাপৰিত উত্তেজনাময় পৰিৱেশ ।

চৰকাৰে গো চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলেও কিন্তু এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত গৰুৰ চোৰাং ব্যৱসায়। দেৰগাঁৱৰ দিছৈ অঞ্চলত উদ্বেগজনক ভাবে প্ৰশাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই চলিয়েই আছে গো চিণ্ডিকেট । বৃস্পতিবাৰে নিশা গো চিণ্ডিকেটক কেন্দ্ৰ কৰি দেৰগাৱঁৰ দানিচাপৰিত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । নিশা দেৰগাৱঁৰ ভিতৰুৱা দানিচাপৰি VDP আৰু স্থানীয় ৰাইজৰ সহযোগত ১৪টাকৈ চোৰাং গৰু জব্দ হয় । উল্লেখযোগ্য যে লক্ষীমপুৰ, ধেমাজি , মাজুলীৰ জিলাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে গৰু সমূহ গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিচৈ অঞ্চললৈ অনা হয় আৰু দেৰগাঁৱৰ দিচৈ অঞ্চলৰ পৰা এই গৰু সমূহ মেঘালয়ৰ শ্বিলং হৈ বাংলাদেশলৈ ৰপ্তানি কৰাৰ সন্দেহ