সোণাৰিত ব্যৱসায়ীক ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ ,সংকটজনক অৱস্থাত চিকিৎসাধীন। 

সোণাৰি আৰক্ষীৰ সন্দেহজনক ভূমিকাত প্ৰশ্ন উত্থাপন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। 

সোণাৰি এজন ব্যৱসায়ীক গুৰুলাগুৰুল ভাৱে মাৰপিট কৰি গুৰুতৰ ভাৱে আঘাত কৰে ৩/৪ জন উদণ্ড লোকে । আঘাতপ্ৰাপ্ত লোকজন সম্প্ৰতি ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুজঁ দি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আঘাতপ্ৰাপ্ত পৰিয়ালৰ লোকৰ লগতে "অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ" চৰাইদেউ জিলা সমিতি, আৰু দৈনিক শাক-পাচলি ব্যৱসায়ীয়ে ঘটনাৰ সন্দৰ্ভত পৃথকে পৃথকে সোণাৰি সদৰ থানাত এজাহাৰ দাখিল ।

শাৰদীয় দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৱা তিনি অক্টোবৰত পুৱা পাচঁলি ব্যৱসায়ী খচৰুল ইছলাম আৰু উদণ্ড পাচঁলি ব্যৱসায়ী চিয়াব উদ্দিন আহমেদৰ মাজত ব্যৱসায়ীক সংক্ৰান্তত তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটে। উদণ্ড চিয়াবউদ্দিন আহমেদৰ নিজা ভতিজা ছাহিদ আহমেদ আৰু আখতাৰ আহমেদে খচৰুল ইছলামৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰে। লোহৰ ৰ'ডেৰে খচৰুল ইছলামক মূৰত প্ৰহাৰ কৰাৰ ফলত মূৰৰ লাওঁখোলা তেজেৰে লুথুৰি পুথুৰি হৈ মাটিত ঢলি পৰে। ইফালে চিয়াবউদ্দিন আৰু ভতিজা ছাহিদ আহমেদ, আখতাৰ আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আঘাতপ্ৰাপ্ত খচৰুল ইছলামক ততাতৈয়াকৈ সোণাৰি অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি খচৰুল ইছলামক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত লোকজনৰ মগজুৰ এক জটিল অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন হয় যদিও মানসিক ভাৰসাম্য তথা সংজ্ঞাহীন হৈ অচেতন হৈ মৃত্যুৰ সৈতে যুঁজি আছে । সোণাৰি আৰক্ষী প্ৰশাসনে উক্ত ঘটনাৰ অভিযুক্ত কেইজনৰ সন্ধান উলিওৱাত আৰক্ষীয়ে কিয় সেমাহি কৰিছে ?

সোণাৰি আৰক্ষীৰ সন্দেহজনক ভূমিকাক ৰাইজ আৰু দল-সংগঠনে সমালোচনা কৰিছে ।