ছ'ছিয়েল মেডিয়াত ক'লা পতা প্ৰদৰ্শন কৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ । বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ সকলো কৰ্মকৰ্তাই ছ'ছিয়েল মেডিয়াত নিজৰ নিজৰ প্ৰফাইলত ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে ডিব্ৰুগড়ৰ জিলাত নিষিদ্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি টাইপাৰ ডিব্ৰুগড় জিলাৰ সভাপতি নিপন ফুকনে স্পষ্ট কৰি দিছে।

উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপ্ৰদী মূৰ্মুক অপমান কৰাৰ প্ৰতিবাদত ব্ৰটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছিল আঙুৰলতা ডেকাৰ বিৰুদ্ধে ।