ওদালগুৰিৰ ভেৰগাঁৱৰ দেউচুঙাত বন্যহস্তীৰ কৰুণ মৃত্যু।ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , ওদালগুৰিৰ বিভিন্ন অঞ্চলত এতিয়া দিনকদিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷  

ৰাজ্যত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে পুনৰ ভেৰগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু । 

ওদালগুৰিৰ ভেৰগাঁৱৰ ভাৰত ভূটান সীমান্তৰ দেউচুঙাত শুক্ৰবাৰে এটা প্ৰকাণ্ড মখনা বন্যহস্তীৰ মৃত্যু হয় । 

ভূটান পাহাৰ আৰু স্থানীয় বৰনদী অভয়াৰণ্যৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীৰ কৰুণ মৃত্যু ঘটে ।

জিলাখনত হাতী মানুহৰ সংঘাতত কেতিয়াবা যদি নিৰীহ লোকে বন্যহস্তীৰ আক্ৰমণত অকাল মৃত্যুক আকোঁৱালি লৈছে আকৌ কেতিয়াবা বিভিন্ন কাৰণত বন্যহস্তীৰো কৰুণ মৃত্যু ঘটিছে 

।চলিত বৰ্ষতে হাতী মানুহৰ সংঘাতৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰায় ১০ জনতকৈ ও অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বিভিন্ন কাৰণত প্ৰায় ৫ টাৰো অধিক বন্যহস্তীৰ কৰুণ মৃত্যু হয়।

মৃত মখনা হাতীটোৰ বয়স প্ৰায় ২০ বছৰমান হ'ব বুলি জানিবলৈ দিয়ে পশু চিকিৎসকে ।  

বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুটা হাতীৰ মাজত সংঘাট লাগি বহু ওপৰৰ পৰা দ খাৱৈত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে বুলি সন্দেহ কৰে বন বিভাগৰ লোকে ।

ঘটনা স্থলীত বৰনদী অভয়াৰণ্যৰ বন বিষয়া কুশল ডেকাৰ সৈতে বন বিভাগৰ লোক উপস্থিত ।

ইতিমধ্যে টংলা পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া সূলভ শৰ্মা উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে জানিবলৈ পোৱা যাব ।

ইপিনে স্থানীয় লোকে হাতী মানুহৰ সংঘাতত অতিষ্ঠ হৈ অতি শীঘ্ৰে হাতী মানুহৰ সংঘাটৰ সমস্যা ৰোধ কৰিবলৈ বনমন্ত্ৰী , ৰাজ্য চৰকাৰ , আৰু বিটিচি চৰকাৰক কাতৰ আহ্বান জনায় ।