অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।

মাত্ৰ কেইমাহমান পূৰ্বে বানত ককবকাই থকা সময়ত শোচনীয় হৈ পৰা অসমবাসীৰ দুৰ্বিসহ পৰিস্থিতি চাবলৈ আহৰি নোপোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, কেৱল দলীয় মুনাফা লাভৰ লক্ষ্য আগত ৰাখি অসমলৈ অহা বিষয়টোৰ বিৰুদ্ধে ক'লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে।

আজি বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আহি থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কনভয়ৰ কাষত ৰৈ এই ক'লা পতাকা প্ৰদৰ্শন কৰি তৃণমূল যুৱ কংগ্ৰেছে লগতে ৰাজ্যখনত বিজেপিয়ে গ্ৰহণ কৰি অহা বিভিন্ন জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে।  

এক বিবৃতিত অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই কেৱল ভোটৰ অংকতহে সুবিধাবাদী বিজেপিয়ে অসমবাসীলৈ মনত পেলায় বুলি মন্তব্য কৰি অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ নিৰ্বিকাৰ হৈ অহা বিজ্ঞাপন সৰ্বস্ব বিজেপি চৰকাৰখনক জবাবদিহি কৰে।

লগতে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে যুৱ প্ৰজন্ম তথা অসমবাসীক লগত লৈ আগন্তুক সময়ত ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সভাপতি দত্তই ।

ৰাজ্যখনৰ প্ৰকৃত উন্নতি বিচৰাসকলক বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ মায়াজালৰ পৰা ওলাই আহি অসম তৃণমূল কংগ্ৰেছৰ হাতত হাত মিলাই কণ্ঠ জাগ্ৰত কৰিবলৈ দত্তই লগতে আহ্বান জনায়।