প্ৰতিশ্ৰুতি নাৰাখিলে তাই , পুজাৰ পিছত মিঠাই খোৱাম একেলগে গোতেইকেইজনী ফুৰিবলৈ যাম আমাৰ নতুন গাঢ়ি খনত উঠি গোটেই কেইজনী মাজুলী ফুৰিম বুলি লগৰ কেইজনীক কথা দি থৈছিল তেজস্বিতাই
কিন্ত পূজা বন্ধত গল যি গলেই উভতি নহাৰে বাটেৰে তাই গুছি গল বুলি কৈ শ্ৰেণী কোঠাত বঢ়ি ফেকুৰি ফেকুৰি লগৰ কেইজনীয়ে আজি কান্দিছে ৷ শিক্ষক- শিক্ষয়ত্ৰী সকলে নিজেই কান্দি কান্দি ছাত্ৰছাত্ৰী সকলক বুজাবলৈ চেষ্টা কৰিছে ৷
তেজস্বিতা পঢ়া একলেণ্ড একাডেমিত আজি শুকাকুল পৰিৱেশ ৷ তেজস্বিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ ,দ্বীপ জ্বলাই , পুষ্পাঞ্জলি অৰ্পণ কৰি বিদ্যালয়ৰ খনৰ প্ৰতিগৰাকী ছাত্ৰছাত্ৰীয়েই কান্দি কান্দি ভাগি পৰা পৰিলক্ষিত হয় ৷
দুই- এজন লগৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা পুনৰ ঘৰত থৈ আহিব লগা হোৱাৰ পৰিৱেশ ৷ মুঠৰ ওপৰত আজি বিদ্যালয় খনত সাৰ-সুৰ নাই কান্দি-কাটি আৱেগিক পৰিৱেশ ৷
কোনেও কাকো বুজাব পৰা নাই ৷ ছাত্ৰছাত্ৰী সকলেও মাজুলীৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থাৰ কথা কৈ মাজুলীৰ দুৰ্বল স্বাস্থ্য ব্যৱস্থাৰ বাবেই আমা আমাৰ বান্ধৱীক হেৰুৱালো বুলি ক্ষোভ প্ৰকাশ কৰি মাজুলীত চিকিৎসাৰ মান উন্নত কৰাৰ দাবী জনাইছে ৷