কাৰ্বি আংলঙৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি

 

চতুৰ্থ বৰ্গৰ 27 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

 

ডিফু, 7 অক্টোবৰ - 2006 চনৰ পূৰ্বে স্থাপিত হোৱা অথচ পদ প্ৰাদশীকিকৰণৰ পৰা বঞ্চিত হৈ থকা কাৰ্বি আংলং জিলাৰ 27 খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 27 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাজত আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই উদ্দেশ্যে ডিফুত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাৰ্থী সকলৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানটোত উপস্থিত থাকি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে একাংশ লোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰদানৰ কৰ্তৃত্ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা‌ কৰ্তন কৰা বুলি অপপ্ৰচাৰ চলাই অহা বুলি মন্তব্য কৰে। আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাত ছশ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে। আজিৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সাংসদ হৰেণছিং বেʼ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচʼ, বিধায়ক দৰছিং ৰংহাং, ৰূপছিং টেৰণ, পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

 

ছাইদুল ইছলাম,ডিফু।

Sponsored

भारी बचत कार और फ्यूल दोनों पर - भाटिया एंड कंपनी बूंदी

मारुती सुजुकी S-CNG कार खरीदने पर अब CNG भरवाएं मात्र ₹ 76.22 per/kg की कीमत में, मार्केट रेट से ₹ 13.46 कम कीमत में | मारुती कार खरीदने पर भारी बचत | नियम और शर्तें लागू |