ৰাজ্যত পুনৰ সংঘটিত সংবাদিকক আক্ৰমণৰ ঘটনা। তীব্ৰ ভাষাৰে গৰিহণা জাৰ্ণেলিষ্ট ইউনিয়নৰ।

ৰাজ্যত পুনৰ  সংঘটিত হৈছে সাংবাদিক নিৰ্যাতনৰ ঘটনা। তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা দৈনিক পূর্বদয়ৰ সাংবাদিক ৰৌচনলাল ভৰদ্বাজক বুধবাৰে সন্ধিয়া দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰ আহত কৰা ঘটনাক জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ জাৰ্নেলিষ্ট ইউনিয়নে দাবী জনাইছে। উল্লেখযোগ্য যে, এটা দুৰ্ঘটনাৰ আলম লৈ দুৰ্বৃত্তৰ এটা দলে সাংবাদিক গৰাকীৰ বাসগৃহৰ সন্মুখত ভাবুকি প্ৰদান কৰাৰ লগতে আক্ৰমণ কৰে। নিশাই আৰক্ষীক অৱগত কৰাৰ লগতে পৰিয়ালৰ লোকে আক্ৰমণৰ বলি হোৱা সাংবাদিকজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰে। আনহাতে, তিনিচুকীয়া আৰক্ষীয়ে 

978/22 (294/325/338/307/34 IPC) গোচৰ ৰুজু কৰি আক্ৰমণত জড়িত দুৰ্বৃত্তৰ দলটোৰ এজনক আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত এ এছ ২৩ এইচ ১০১১ নম্বৰৰ এখন গাড়ীও জব্দ কৰে। ঘটনাত জড়িত সকলক শীঘ্ৰে কৰায়ত্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে। আইনী সুৰুঙাৰে যাতে দোষী সাৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষী প্ৰশাসনক জাৰ্নেলিষ্ট ইউনিয়নে আহ্বান জনাইছে।