কেঁকুৰি মধুপুৰত কেঁকুৰি সন্মিলিত শৈক্ষিক মঞ্চৰ উদ্যোগত ২৪জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা।

বৃহত্তৰ কেঁকুৰি অঞ্চলৰ উঠি অহা প্ৰজন্মক শৈক্ষিক,, সামাজিক, আৰু মানসিক উৎকৰ্ষ সাধন কৰা মহৎ লক্ষ্য আগত ৰাখি গঠন কৰা কেঁকুৰি সন্মিলিত শৈক্ষিক মঞ্চ উদ্যোগত ২৪গৰাকীৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।কেঁকুৰি মধুপুৰ কৃষ্টি ভৱনত সন্মিলিত ভৱনত শৈক্ষিক মঞ্চৰ সভাপতি ৰাম প্ৰসাদ চুতীয়া সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত 2022 বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুনামৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক গামোচা ,মান পত্ৰ, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।