এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ঢোল বাদক।এক দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱালে।
এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ঢোল বাদক।এক দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱালে।চিকিৎসা কৰাবৰ বাবেই ঘৰৰ ভেটিটোৰ বাদে সকলো সা সম্পত্তি বন্ধকত দিলে এইটো পৰিয়ালে।চিকিৎসা নামত চিকিৎসা কিন্তু সুস্থ হোৱাৰ কোনো লক্ষণেই নাই ৰোগীৰ। লোকজন হল চৰাইদেউ জিলাৰ বৰহাট জাপিসজীয়াৰ বাসিন্দা অৰুণ চুতীয়া।এসময়ত সুদক্ষ ফুটবল খেলুৱৈ তথা জনপ্ৰিয় ঢোল বাদক অৰুণ চুতীয়া বৰ্তমান ৰোগাক্ৰান্ত।ককালৰ তলৰ অংশ অকামিলা হৈ পৰাত বিচনাখনকে সাৰথি কৰি ভাল দিনৰ আশাত এইজন অৰুণ চুতীয়া।মন্ত্ৰী বিধায়কক যোগাযোগ কৰিও বিফল পৰিয়ালটোৰ সদস্য।গাড়ী চালক আৰু বৰহাট নগৰত ম'ম বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া দুই পুত্ৰৰ নাই পিতৃক চিকিৎসা কৰাবৰ বাবে হাতত নাই ফুটাকড়ি এটাও।চিকিৎসাৰ নামত ইতিমধ্যে পৰিয়ালটোৱে ঘৰৰ সমস্ত সা সম্পত্তি বন্ধকত দিছে।চাৰিওফালে অন্ধকাৰ দেখা পৰিয়ালটোৱে অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ।জানোচা কোনোৱে সহায়ৰ হাত আগবঢ়ায়ে....