ঢকুৱাখনাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ঘিলামৰাত উষ্ম আদৰণি ঘিলামৰা মণ্ডল সমিতিৰ। বিধায়ক নৱকুমাৰ দলেৰ গৃহত ওৰম আপিন অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

আজি ঢকুৱাখনাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ঘিলামৰাত কেইবা ঘন্টা অপেক্ষা কৰি থকা কেইবা সহস্ৰাধিক ৰাইজ তথা গুণমুগ্ধই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গায়ন-বায়নৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰাৰে উষ্ম আদৰণি জনায়।ইয়াৰ পিছতে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেৰ স্বগৃহত পিতৃ পৰমানন্দ দলেৰ বিদেহ আত্মা সদগতি অৰ্থে অনুষ্ঠিত কৰা ওৰম আপিনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।বিধায়ক গৰাকীৰ গৃহত উপস্থিত হৈ প্ৰয়াত পৰমানন্দ দলেৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে।বিধায়ক গৰাকীৰ পিতৃৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে সমাজকৰ্মী, ৰাজনীতিবিদ প্ৰয়াত পৰমানন্দ দলে ২১ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰিছিল।বিধায়ক নৱকুমাৰ দলেৰ গৃহত হাজাৰ হাজাৰ আত্মীয় স্বজন,ভকত বৈষ্ণৱ, দলীয় কাৰ্যকৰ্তা আৰু গুণমুগ্ধ উপস্থিত থকা পৰিলক্ষিত হয়।