গাজিয়াবাদত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তিনি মহলীয়া ঘৰ ভাঙি পৰাত তিনিজন লোক মৃত্যুমুখত পৰাৰ লগতে ছয়গৰাকী গুৰুতৰভাৱে আহত হয়।

লোনীৰ বাবলু গাৰ্ডেনৰ নিথোৰা ৰোডস্থিত এটা ঘৰত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ত পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

৪জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু একাংশ লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে।

প্ৰাৰম্ভিক তথ্য অনুসৰি গেছ লিক হোৱাৰ বাবে চিলিণ্ডাৰটোত জুই লাগি বিস্ফোৰণ হয়। প্ৰচণ্ড বিস্ফোৰণৰ ফলত ঘৰটো ভাঙি যায় আৰু বহু লোক সমাধিস্থ হয়।

জানিব পৰা মতে, এজন লোকে নিজৰ চাৰিজন পুত্ৰ, দুগৰাকী বোৱাৰী আৰু নাতি-নাতিনীয়েকৰ সৈতে এই ঘৰটোত থাকে।

বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।