ৰাজস্থানৰ আজমেৰ জিলাৰ নাছিৰাবাদ সদৰ থানা এলেকাত বুধবাৰে প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত বৰষুণৰ পানীৰে ভৰা খাৱৈত পৰি ৫ জন যুৱকে কৰুণ মৃত্যুক সাৱটি লয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

আৰক্ষীয়ে জনোৱা মতে, নাছিৰাবাদ সদৰ থানাৰ অন্তৰ্গত নান্দলা গাঁৱত বৰষুণৰ পানীৰে ভৰা খাৱৈত মূৰ্তি বিসৰ্জন কৰিবলৈ গৈছিল পাঁচজন যুৱক।

আৰক্ষী বিষয়া হেমৰাজে জনোৱা মতে, মূৰ্তি বিসৰ্জন কৰি থাকোতে যুৱক কেইজনে খাৱৈটোৰ গভীৰতা কম বুলি ভাবি খাৱৈত নামিছিল, কিন্তু খাদটো দ’ হোৱা বাবে যুৱক কেইঝন ডুব যায়।

মৃত লোক কেইজনক গজেন্দ্ৰ ৰেগৰ (২৮), ৰাহুল ৰেগৰ (২০), লাকী বেৰৱা (২১), ৰাহুল মেঘৱাল (২৪) আৰু পৱন ৰেগৰ (৩৫) বুলি জানিবলৈ দিয়ে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ওচৰৰ এখন চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।