তিনিচুকীয়াৰ ফিল'বাৰী থানাৰ অন্তর্গত টঙানি সোণজান গাঁৱত আজি দিনত দুটা ফৈদৰ মাজত সংঘটিত ভয়ংকৰ ঘটনাই তিনিচুকীয়া জিলাত উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে, তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত অধিক আৰক্ষী তথা চি আৰ ৰাৰ পি এফ মোতায়েন কৰিছে। লক্ষণীয় যে যোৱা ১৮ জুলাইত ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত টঙানি সোণজানত ৰূপক দত্ত নামৰ এগৰাকী ব্যৱসায়ীয়ে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি চাহ বাগিচা স্থাপন কৰা ভূখণ্ডত উচ্ছেদ চলাইছিল প্রশাসনে। এনেদৰে ব্যৱসায়ীগৰাকীৰ দখলত থকা প্ৰায় ২৪ বিঘা চাহ বাগিচা উচ্ছেদ কৰি প্ৰশাসনে উক্ত স্থানত ডুমডুমাৰ কৰ্দৈগুৰি এলেকাৰ বানবিধ্বস্ত প্রায় ২৪ টাকৈ পৰিয়ালক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিছিল। টঙানি সোণজানত উক্ত বাগিচাখন উচ্ছেদ কৰি বানত সৰ্বস্বান্ত কৰ্দৈগুৰিৰ উক্ত থলুৱা লোকসকলক সংস্থাপন কৰা হ'ব বুলি সেইদিনাই উচ্ছেদস্থলীত ঘোষণা কৰিছিল ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া ৰণনময় ভদ্বাজে। এনেদৰে প্ৰশাসনৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাচতে আজি টঙানি সোণজানৰ উক্ত ভূমিত কৰ্দৈগুৰিৰ পৰা যোৱা ২৪ টাকৈ পৰিয়ালৰ লোক নিজাকৈ একোটিকৈ ঘৰ সাজি বসবাসৰ প্ৰস্তুতি চলাই থকাৰ সময়তে প্ৰতিৰোধৰ সন্মুখীন হয় স্থানীয় সহস্রাধিক চাহ শ্রমিক। একাংশ ক্ষুব্ধ চাহ শ্রমিকে হাতে হাতে দা, লাঠি, জোং আদি লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বানবিধ্বস্ত লোকৰ কেতবোৰ ঘৰো ভাঙি পেলায়। ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্র বাকবিতণ্ডা হোৱাৰ সমান্তৰালভাৱে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আনকি বানবিধ্বস্ত লোকসকলেও আত্মৰক্ষাৰ স্বাৰ্থত হাতত দা, লাঠি তুলি ল'বলৈ বাধ্য হয়। ঘটনাস্থলীত স্থানীয় চাহ শ্রমিকসকলে প্রথম তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ প্ৰতি দাবী উত্থাপন কৰি শ্ল'গান দিবলৈ ধৰে। বাগিচাখনৰ উচ্ছেদিত ভূমিত স্থানীয় চাহ শ্ৰমিকসকলৰ সংস্থাপনৰ পাচতহে অন্য ঠাইৰ লোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ঠাইতে বিক্ষোভ প্রদর্শন কৰে সহস্ৰাধিক চাহ শ্রমিকে। পাচত উত্তেজিত চাহ শ্রমিকসকলে উক্ত স্থানৰ পৰা বানবিধ্বস্ত লোকসকলক আঁতৰাই পঠিয়ায়। এই বাতৰি লিখাৰ পৰলৈকে বানপীড়িত গৃহহীন পৰিয়ালকেইটাই ন্যায়ৰ আশাত ডুমডুমাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত আশ্ৰয় লৈ আছে। পৰিতাপৰ কথা যে আজি প্ৰশাসন তথা ৰাজহ বিভাগৰ কোনো এগৰাকী শীর্ষ বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত স্বয়ং আৰক্ষী মহলতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে চৰকাৰী ভূমি দখল কৰি চাহ বাগিচা পতা ৰূপক দত্তৰ উচটনিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে। লক্ষণীয় যে কেৱল ২৪ বিঘাই নহয়, দত্তই উক্ত এলেকাত প্ৰায় ৬০ বিঘাৰো অধিক চৰকাৰী ভূমি বেদখল কৰি স্থাপন কৰিছে বৃহৎ চাহ বাগিচা। ব্যৱসায়ীগৰাকীৰ দখলত থকা উক্ত চৰকাৰী ভূমিতো উচ্ছেদ চলোৱা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰক্ষী প্ৰশাসনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰথমবাৰৰ বাবে DSPৰ ৰূপত দেৰগাঁৱত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস
প্ৰথমবাৰৰ বাবে DSPৰ ৰূপত দেৰগাঁৱত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস
જવાહર મેદાન ખાતે 33 જિલ્લાના આરોગ્ય કર્મચારીઓના ધરણા
જવાહર મેદાન ખાતે 33 જિલ્લાના આરોગ્ય કર્મચારીઓના ધરણા
Article 370 abrogation a visionary step by PM Modi led govt: Tarun Chugh
BJP National general secretary and incharge Jammu and Kashmir Tarun Chugh on Tuesday said that...
Business News: Stock Market में उछाल, Nifty 82 अक चढ़ा... देखिए खबरें और भी
Business News: Stock Market में उछाल, Nifty 82 अक चढ़ा... देखिए खबरें और भी