তিনিচুকীয়াৰ ফিল'বাৰী থানাৰ অন্তর্গত টঙানি সোণজান গাঁৱত আজি দিনত দুটা ফৈদৰ মাজত সংঘটিত ভয়ংকৰ ঘটনাই তিনিচুকীয়া জিলাত উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে, তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত অধিক আৰক্ষী তথা চি আৰ ৰাৰ পি এফ মোতায়েন কৰিছে। লক্ষণীয় যে যোৱা ১৮ জুলাইত ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত টঙানি সোণজানত ৰূপক দত্ত নামৰ এগৰাকী ব্যৱসায়ীয়ে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি চাহ বাগিচা স্থাপন কৰা ভূখণ্ডত উচ্ছেদ চলাইছিল প্রশাসনে। এনেদৰে ব্যৱসায়ীগৰাকীৰ দখলত থকা প্ৰায় ২৪ বিঘা চাহ বাগিচা উচ্ছেদ কৰি প্ৰশাসনে উক্ত স্থানত ডুমডুমাৰ কৰ্দৈগুৰি এলেকাৰ বানবিধ্বস্ত প্রায় ২৪ টাকৈ পৰিয়ালক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিছিল। টঙানি সোণজানত উক্ত বাগিচাখন উচ্ছেদ কৰি বানত সৰ্বস্বান্ত কৰ্দৈগুৰিৰ উক্ত থলুৱা লোকসকলক সংস্থাপন কৰা হ'ব বুলি সেইদিনাই উচ্ছেদস্থলীত ঘোষণা কৰিছিল ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া ৰণনময় ভদ্বাজে। এনেদৰে প্ৰশাসনৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাচতে আজি টঙানি সোণজানৰ উক্ত ভূমিত কৰ্দৈগুৰিৰ পৰা যোৱা ২৪ টাকৈ পৰিয়ালৰ লোক নিজাকৈ একোটিকৈ ঘৰ সাজি বসবাসৰ প্ৰস্তুতি চলাই থকাৰ সময়তে প্ৰতিৰোধৰ সন্মুখীন হয় স্থানীয় সহস্রাধিক চাহ শ্রমিক। একাংশ ক্ষুব্ধ চাহ শ্রমিকে হাতে হাতে দা, লাঠি, জোং আদি লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বানবিধ্বস্ত লোকৰ কেতবোৰ ঘৰো ভাঙি পেলায়। ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্র বাকবিতণ্ডা হোৱাৰ সমান্তৰালভাৱে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আনকি বানবিধ্বস্ত লোকসকলেও আত্মৰক্ষাৰ স্বাৰ্থত হাতত দা, লাঠি তুলি ল'বলৈ বাধ্য হয়। ঘটনাস্থলীত স্থানীয় চাহ শ্রমিকসকলে প্রথম তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ প্ৰতি দাবী উত্থাপন কৰি শ্ল'গান দিবলৈ ধৰে। বাগিচাখনৰ উচ্ছেদিত ভূমিত স্থানীয় চাহ শ্ৰমিকসকলৰ সংস্থাপনৰ পাচতহে অন্য ঠাইৰ লোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ঠাইতে বিক্ষোভ প্রদর্শন কৰে সহস্ৰাধিক চাহ শ্রমিকে। পাচত উত্তেজিত চাহ শ্রমিকসকলে উক্ত স্থানৰ পৰা বানবিধ্বস্ত লোকসকলক আঁতৰাই পঠিয়ায়। এই বাতৰি লিখাৰ পৰলৈকে বানপীড়িত গৃহহীন পৰিয়ালকেইটাই ন্যায়ৰ আশাত ডুমডুমাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত আশ্ৰয় লৈ আছে। পৰিতাপৰ কথা যে আজি প্ৰশাসন তথা ৰাজহ বিভাগৰ কোনো এগৰাকী শীর্ষ বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত স্বয়ং আৰক্ষী মহলতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে চৰকাৰী ভূমি দখল কৰি চাহ বাগিচা পতা ৰূপক দত্তৰ উচটনিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে। লক্ষণীয় যে কেৱল ২৪ বিঘাই নহয়, দত্তই উক্ত এলেকাত প্ৰায় ৬০ বিঘাৰো অধিক চৰকাৰী ভূমি বেদখল কৰি স্থাপন কৰিছে বৃহৎ চাহ বাগিচা। ব্যৱসায়ীগৰাকীৰ দখলত থকা উক্ত চৰকাৰী ভূমিতো উচ্ছেদ চলোৱা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰক্ষী প্ৰশাসনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाइक फिसली, 7 माह की बच्ची के पैर की उंगलियां कटी, माता-पिता के बीचे में बैठी थी, बोलेरो के ओवरटेक करने से हुआ हादसा
बूंदी जिले के लाखेरी थाना क्षेत्र में सड़क हादसे में 7 माह की मासूम गम्भीर घायल हो गई। उसके पैर के...
આરએસએસ દ્વારા કાલોલ સુવર્ણ હોલ મા શસ્ત્ર પૂજન અને પથ સંચલન કરાયુ
કાલોલ નગર માં રાષ્ટ્રીય સ્વયંસેવક સંઘ દ્વારા સુવર્ણ હોલ ખાતે વિજ્યાદશમી નિમિતે પથ સંચલન અને...
क्या भाजपा में होगी बरिष्ट नेताओं की वापसी
पन्ना।
क्या भाजपा में होगी बरिष्ठ नेताओं की आपसी।
2.पन्ना विधानसभा सीट से एक बार...
Warring spreading canard to shield Kamal Nath from anti-Sikh riots : Chugh || Sikhs know it well how Kamal Nath instigated violence in gurdwara: Chugh
BJP national general secretary Tarun Chugh today said that Punjab PCC president Amarinder Singh...
भारत मे इस दिन एंट्री लेंगे Oppo के ये शानदार फोन, शानदार बिल्ड और दमदार होंगे फीचर्स
Oppo ने कुछ समय पहले ही Reno 12 Pro 5G सीरीज को चीन में पेश किया था। अब इस फोन को भारत में लॉन्च...