লক্ষীমপুৰ জিলা গঠনৰ পশ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে জিলা প্ৰশাসনে যোৱা দুই অক্তোবৰত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ সভাত জিলাখনৰ বিশিষ্ট সংগঠক, বিজ্ঞান কৰ্মী তথা ২০১৯ বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বঁটা প্ৰাপক খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ শিক্ষক যজ্ঞোৰাম বৰাক জিলাখনৰ হৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ স্বীকৃতি স্বৰূপে বিশেষ বঁটা প্ৰদান কৰে।শেহতীয়াকৈ লক্ষীমপুৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ উদ্ভাৱক উপাসনা বৰুৱাৰ মেণ্টৰ হিচাপে আগবঢ়োৱা সেৱাৰ বাবেও বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিছে। ১৯৭১ চনত লক্ষীমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ বুঢ়াবুঢ়ী-বালিগাৱৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰা পেচাত এজন শিক্ষক হ'লেও অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতি, বিজ্ঞান আদি উত্তৰণৰ বাবে কাম কৰি থকা বিভিণ্ণ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃ প্ৰোতঃ ভাবে জড়িত হৈ নিৰলস সেৱা আগবঢ়াই আছে। এসময়ত সাংবাদিকতাৰ সেৱা আগবঢ়োৱা বৰাই জীৱন তৃষ্ণা, হৃদয়ত জোনাকৰ অনুভূতি আৰু অনুভৱৰ পাণ্ডুলিপি নামৰ তিনিখন কাব্য গ্ৰন্থও ৰচনা কৰিছে। জিলা প্ৰশাসনৰ বৰালৈ আগবঢ়োৱা এই স্বীকৃতিত খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় পৰিয়ালকে ধৰি জিলাবাসী উৎপ্ৰফুল্লিত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Zero FXE इलेक्ट्रिक Bike टेस्टिंग के दौरान हुई स्पॉट, भारत के लिए डेवलप करेगी स्पेशल EV
कर्नाटक के बेंगलुरू में Zero अपनी FXE इलेक्ट्रिक बाइक की टेस्टिंग कर रही है। जिसे टेस्टिंग के...
राज्य सरकारी सहकारी पतसंस्थेवर सहकार वैभव पॅनलचे वर्चस्व
विद्यमान संचालकांच्या सहकार वैभव पॅनलने एकतर्फी बाजी मारत राज्य सरकारी कर्मचारी सहकारी पतसंस्थेवर...
মাজুলীৰ ভোগপুৰ সত্রৰ সত্রাধিকাৰ দত্তদেৱ গোস্বামীৰ লগতে সমূহ বৈষ্ণৱবৃন্দৰ শোক প্ৰকাশ
মাজুলীৰ ভোগপুৰ সত্রৰ সত্রাধীকাৰ দত্তদেৱ গোস্বামীৰ লগতে সমূহ বৈষ্ণৱবৃন্দই শোক প্ৰকাশ।
नवलसागर नाले मे उफान के चलते जलमग्न हुआ बालंचद पाडा क्षेत्र
बून्दी। शहर मे तेज बारिश के बाद बालचंद पाडा क्षेत्र नवलसागर नाले मे उफान के चलते जलमग्न हो गया।...
এ জে ৱাই চি পিৰ সদস্যয় ঘেৰাও কৰিলে কাকতিবাৰী আৰক্ষী থানা
এ জে ৱাই চি পিৰ সদস্যয় ঘেৰাও কৰিলে কাকতিবাৰী আৰক্ষী থানা