সদভাৱনা (সমাজ সংস্কৃতিৰ বাবে এখোজ)ৰ উদ্যোগত আৰু মিহলিৰিতু জাতীয় বিদ্যালয়ৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা পোন্ধৰদিনীয়াকৈ অনুষ্ঠিত হোৱা ভোৰতাল নৃৃত্য আৰু যোগাসন কৰ্মশালৰ দেওবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে।

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত গছপুলি ৰোপনেৰে আৰম্ভ হয় কাৰ্যসূচী। গছপুলি ৰোপন কৰে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সহকাৰী সম্পাদক জ্যোতি গোহাঁ‌য়ে। ইয়াৰ পিছতেই এখন সভা আয়োজন কৰে। সভাখনৰ সভাপতিত্ব কৰে সদভাৱনাৰ সঞ্চালক ৰাণাদ্বীপ দুৱৰাই। উদ্দেশ্যে ব্যাখা আগৱঢ়াই উপ-সঞ্চালক ৰাজেন্দ্ৰ মৰাণে। প্ৰধান সচিব উৎপল গোহাঁ‌ইয়ে আঁ‌ত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগৱঢ়াই মৰাণ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰবাল চেতিয়াই। যোৱা ১৫ টা দিনত প্ৰশিক্ষণ গ্ৰহাণ কৰা ভোৰতাল নৃত্য আৰু যোগাসন প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে।