আচৰিত! ১১ লাখ টকীয়া গাড়ীৰ মেৰামতিৰ বিল আহিল ২২ লাখ টকা, বিল দেখি হতবাক গাড়ীৰ মালিক 

 বানত বুৰ যোৱাৰ পিছত নিজৰ চাৰিচকীয়া বাহনখন মেৰামতিৰ বাবে গৈ হতভম্ব হৈ পৰিল এগৰাকী ব্যক্তি। কাৰণ গাড়ীখন নতুন ক্ৰয় কৰোতে তেওঁ যিমান ধন ভৰিছিল, তাৰ দুগুণ ধন দেখুওৱা হ’ল মেৰামতিৰ বিলত।

এনে এক আচৰিত ঘটনা সংঘটিত হৈছে বাংগালুৰুত।

দৰাচলতে কিছুদিন পূৰ্বে ধাৰাসাৰ বানৰ ফলত সমগ্ৰ বাংগালুৰু চহৰতে সৃষ্টি হৈছিল বান পৰিস্থিতিৰ। সেই বানত উটি গৈছিল শ শ বাহন। বানত উটি যোৱা তেনে এখন বাহনেই আছিল অনিৰুদ্ধ গণেশ নামৰ ব্যক্তিজনৰ ফক্সৱেগন প’লো হেচবেক বাহনখন।