দেওমৰনৈ নিকটৱৰ্তী ভূড়াৰগড় ক্ৰিকেট ক্লাবৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ কৰ্মচাৰী ডিগাম্বৰ ডেকাই আঁতধৰা সভাখন সঞ্চালনা কৰে অৱসৰী শিক্ষক ধনেশ্বৰ শৰ্মাই । সভাত ঝাকুৱাপাৰা গাঁৱৰ পি,এইচ, ডি,ডিগ্ৰীধাৰী ডঃ ভাস্কৰ ডেকা, সদ্য অৱসৰী গাওঁ প্ৰধান তীৰ্থৰাম ডেকাৰ লগতে সদ্য নিযুক্তি প্ৰাপ্ত কেইবাগৰাকীও যুৱকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই বিশিষ্ট সমাজকৰ্মী দীনেশ ডেকা,অৱসৰী শিক্ষক ডিম্বেশ্বৰ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, বিশিষ্ট সংগীত শিল্পী কামিনী ডেকা,দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা অমিতাভ ভট্ৰ, গাঁও ৰক্ষী বাহিনীৰ বিষয়া তৰুণ চন্দ্ৰ বৈশ্য,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা,অৱসৰী শিক্ষক অমিয় শৰ্মা,ভুড়াৰগড় হাইস্কুলৰ শিক্ষক শশীন্দ্ৰ শৰ্মা, জ্ঞানজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী সত্যপ্ৰসাদ ডেকা,যুৱ সমাজকৰ্মী পংকজ নাথ ,দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ কৰ্মচাৰী তিলকসেন কলিতাই।