◆মাজুলীত নাই শাৰদীয় দুগোৎসৱৰ উছাহ।

◆মাজুলীৰ গাঁৱে গাঁৱে  শংকৰদেৱৰ জন্মোৎসৱৰ ব্যাপক আয়োজন।

◆নতুন চামগুৰি মুখা শিল্পী ব্যস্ত শাৰদীয় ৰাস উৎসৱৰ বাবে।  

◆মাজুলীৰ ব্যৱসায়ী প্ৰতিস্থানত নিমাও মাও পৰিবেশ            

--- শৰত কালত দুগোৎসৱৰ উদযাপন হয়। চাৰিওফালে লাখ লাখ টকা ব্যয় কৰি আতকধুনীয়া মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা। দুগোৎসৱৰ বাবে একপ্ৰকাৰে কভি'ডৰ পাছত আকৌ ব্যাপক আয়োজন। শ শ মণ্ডপ,কোটি টকীয়া সুউচ্চ বিভিন্ন আৰ্হিৰ পেণ্ডেল , পূজাৰ বজাৰত ক্ৰেতাৰ ভিৰ মুঠৰ ওপৰত এক মহাউৎসৱ। ইয়াৰ বিপৰত চবি অসমৰ এখন জিলাত নাই দুগোৎসৱৰ উছাহ।।                           

মাজুলীলৈ আহিছে শৰত। মাজুলীতো কহুৱা ফুলিছে,আমোলমোল শেৱালী  গোন্ধ,মায়াময় হৈছে মাজুলী। কিন্তু মাজুলীত দুগোৎসৱৰ আনন্দ উছাহ নাই, ক্ষন্তেকীয়া জাকজমতাৰ বিপৰীতে মাজুলীত ৩০ তাৰো অধিক অঞ্চল,৩৩ খন সত্ৰৰ লগতে গাৱে গাৱে আধ্যাত্মিক ভাৱে উদযাপন কৰিছে মহাপুৰুষ শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ। নিৰিবিলি পৰিবেশত মাজুলীবাসীয়ে গুৰু দুজনাৰ আৰ্দশ আজিও অক্ষুন্ন ৰাখিছে।। মাজুলীত এতিয়া শংকৰ জন্মোৎসৱ বাবে প্ৰস্তুতি তুগত উঠিছে । কণ কণ শিশু পৰা গাঁৱৰ জ্যেষ্ঠ সকললৈ সকলো এটি জন্মোৎসৱ ব্যস্ত হৈ পৰিছে । 4আৰু 5অক্টোৰত গুৰু জনাৰ জন্মোৎসৱ উদযাপন বাবে এতিয়া মাজুলীবাসীৰ পাৰ ভঙা উছাহ।নিশা দুপাৰলৈ হৈছে ভাওনাৰ আখৰা ।

 দুৰ্গোৎসৱ বিহীন বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীত যদিও নাই পূজাৰ আনন্দ তথাপিও শৰতৰ প্ৰতিতো ৰাতিয়েই বিতোপন হয় । কাৰন শৰত আহিলেই  মাজুলীবাসী সাজু হয় ৰাসোৎসৱ বাবে ।  লুইতৰ পাৰৰ বৃন্দাবন ত বাজি উঠে খোল তাল বাহীঁ । ৰঙিলী, প্ৰমীলি,   মালিনী, হতঁৰ মনবোৰ উঠে নাচি । আউনীআটী সত্ৰৰ পালনাম , কাতি বিহুৰ আকাশবান্তী জ্বলাই শাৰী শাৰী ,ভকতিৰ মুকিতিৰ সন্ধান দিয়ে প্ৰচাৰ কৰে শংকৰদেৱৰ বানী । শৰতে আনে মাজুলীবাসীৰ মাজলৈ সৰল জীৱন গাঠাঁ । শাৰদীয় এই সময়ত মাজুলীৰ নতুন চামগুৰি সত্ৰত আগন্তুক ৰাস উৎসৱক লৈ প্ৰস্তুতি পৰিলক্ষিত হৈছে অসমৰ ভিন্ন জিলা পৰা ৰাস উৎসৱত ব্যৱহাৰৰ বাবে মুখা বনোৱা ব্যস্ত হৈ পৰিছে এই সকল শিল্পী ।