যোৱা ১৪ তাৰিখৰ পুৱা ঢকুৱাখনা ঘিলামৰা থানাৰ অন্তৰ্গত বাটৰমাৰীত ৰাস্তা কাষত বাইক সহ হমলেট পৰিহিত ধেনুখনা গাৱৰ টিকেন্দ্ৰ গগৈৰ পুত্ৰ পিংকু গগৈ মৃতদেহ উদ্ধাৰ হোৱা পাছৰে পৰা উত্তাল পৰিৱেশৰ সৃষ্টি হৈ আছে সমগ্ৰ ঘিলামৰাত ৷ঘিলামৰা আৰক্ষীয়ে ধেনুখণা হিলৈদাৰী গাঁওৰ পিংকু গগৈৰ নাৰকীয় হত্যাকাণ্ডৰ ৫ জনক সোধপোছৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৷ যাৰ বাবে সমগ্ৰ ঘিলামৰাতে এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ইপিনে আৰক্ষী তদন্তত হত্যাকাৰীয়ে দিয়া স্বীকাৰোক্তি মতে গাঁওখনৰ চিৰাজ গগৈৰ ঘৰত কৌশলপূৰ্ণ ভাবে( !) আয়োজিত বিশেষ নৈশ পাৰ্টিত আকন্ঠ সুৰা পানৰ আড্ডা চলিছিল । সামান্য কাৰণত নিৰ্মম ভাবে মৰিয়াই মৰিয়াই মুমূৰ্ষু হোৱাৰ পাছত পথৰ ওপৰত পেলাই সৃষ্টি কৰিছিল এখন পৰিকল্পিত নাটক।মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যুতি ভূঞা ,ঘিলামৰা থানাৰ অচি চন্দন দাস আৰু তদন্তকাৰী আৰক্ষী বিষয়া হেমন্ত কোঁৱৰৰ নিৰন্তৰ আৰু নিখুঁত তদন্তৰ অন্তত নিৰ্বোধ পিংকুৰ বিষাক্ত চৰিত্ৰৰ সতীৰ্থ কেইটাই এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অকপট স্বীকাৰোক্তি দি নিজৰেই সৃষ্ট “পিংকু বধ” নাটকৰ যবনিকা পেলালে । এগৰাকী অতি ঘনিষ্ঠ বন্ধুক পাশবিক প্ৰহাৰ কৰি হত্যা কৰিবলৈ এবাৰো হাত নকঁপা এই পাষণ্ড কেইটাক থানাৰ বন্দী শালত ভিতৰতো ভাবলেখহীন ভাবেই থকা পৰিলক্ষিত হৈছিল । নিজৰ অপকৰ্মৰ বাবে সামান্যতমো অনুতপ্ত নোহোৱা ভয়ংকৰ চৰিত্ৰৰ হত্যাকাৰী কেইটাৰ অন্যতম মধ্যমণি ধেমাজীৰ দীপাংকৰ বৰুৱাই নিজকে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ “বুটানি” বিষয়ৰ এগৰাকী ঠিকাভিত্তিক শিক্ষক হিচাবে সদম্ভে পৰিচয় দিছে আৰক্ষীক । পিছে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ডি শইকীয়াই এক পত্ৰ যোগে এই যুৱকজন সম্প্ৰতি মহাবিদ্যালয়খনত নিযুক্ত নহয় বুলি স্পষ্ট কৰি দিছে। নিজ হাতে নৰ হত্যাৰ দৰে পাশবিক ঘটনা সংঘটিত কৰিও এখন উচ্চ শিক্ষানুষ্ঠানৰ গৰিমাত কলংক সানিবলৈ কুণ্ঠাবোধ নকৰা এই পাশবিক চৰিত্ৰৰ অভিযুক্ত ৫ টাৰ ভিতৰত তিনি হত্যাকাৰী ক্ৰমে পৰিকল্পনাৰ নায়ক চিৰাজ গগৈ (২৭) , ধেমাজি জিলাৰ মৰিধলঘাট গাঁওৰ দেৱেন চেতিয়াৰ পুত্ৰ কৌশিক চেতিয়া (২৬) ,ধেমাজি জিলাৰ গোৱাল গাঁওৰ মনোজ কুমাৰ বৰুৱাৰ পুত্ৰ দীপাংকৰ বৰুৱা (২৮)ক আৰক্ষীয়ে ২ দিনৰ জিম্মাত লৈছে আৰু ধেনুখণা হিলৈদাৰী গাঁওৰ ভব গগৈৰ পুত্ৰ দিম্পল গগৈ(২৭),ধেমাজি চাপৰি গাঁওৰ বদন গগৈৰ পুত্ৰ ধন জ্যোতি গগৈ (২৫) ক ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিছে। ইপিনে ঘিলামৰা আৰক্ষীয়ে এই মৰ্মান্তিক হত্যাকাণ্ডৰ অধিক তথ্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে পিংকুৰ আত্মীয়ৰ লগতে গাওঁবাসীয়েও এক সঠিক তদন্তৰে হত্যাকাৰীয়ে যাতে কোনোধৰণৰ আইনী সুবিধা লাভ নকৰে তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে প্ৰশাসনক ৷
ধেনুখনাৰ পিংকু গগৈৰ ৩ হত্যাকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ || শাস্তি প্ৰদানৰ দাবী || তদন্ত অব্যাহত আছে ঘিলামৰা আৰক্ষীৰ ||
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_df1ed82398b0401ce459df1ad63dbb1a.jpg)