নামনি মাজুলীত গড়ৰৰ সন্ত্ৰাস : আতংকৰ মাজত জনতা
আজি এমাহ ধৰি খাদ্যৰ সন্ধানত কাজিৰঙাৰপৰা ওলাই অহা তিনিটা এশিঙিয়া গঁড়ে মাজুলী চৰ-চাপৰিত বিচৰণ কৰি জনসাধাৰণক আতংকিত কৰি তুলিছে ৷ আজি পুৱা পূণৰ নামনি মাজুলী ভালুকমৰা , গোৱালগাঁও, পহুমৰা , বকোৰা অঞ্চলত দুটা এশিঙিয়া গড়ে আতংকৰ সৃষ্টি কৰিছে। গড়টোৱে পথাৰৰ শস্য খাই তহিলং কৰিছে। মাজুলীৰ বন সংমণ্ডল প্ৰাধিকাৰী গৰাকীয়ে জনোৱামতে মাজুলীত বিচৰণ কৰি থকা গঁড়টোক সুৰক্ষিতভাৱে কাজিৰঙালৈ ওভতাই পঠিয়াবলৈ বিভাগৰ আঞ্চলিক বিষয়াৰ নেতৃত্বত গড়টোক নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। প্ৰতি বছৰেই কাজিৰঙাৰ পৰা খাদ্য সন্ধানত ওলাই আহে গড়। এই বছৰো কাজিৰঙাৰ পৰা খাদ্য সন্ধানত ওলাই অহা গড়টোৱে কেইবাদিন ধৰি নামনি মাজুলী চৰচাপৰি অঞ্চলত আশ্ৰয় লৈ আছে। মাজুলী জিলা বন বিভাগে গড়টোৰ ওপৰত চোকা নজৰ দি থকাৰ লগতে কাজিৰঙালৈ ঘুৰাই পঠাবলৈ চেষ্ঠা কৰি আছে।