জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আন্তৰ্জাতিক অহিংসা দিৱস উদযাপন কৰা হয়। অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।
অনুষ্ঠানত প্ৰদান কৰা ভাষণত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই গান্ধীজীৰ অহিংসা নীতি সৰোগত কৰি সকলোকে সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। নিজ বক্তব্যত তেওঁ ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীকো তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰে। অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে গান্ধীজীৰ মহান আদৰ্শৰ বিষয়ে আলোচনা কৰি ভাৰতবৰ্ষই হিংসা নহয়, সদায়ে শান্তি আৰু সদ্ভাৱৰ বাৰ্তা বিশ্বত প্ৰেৰণ কৰি আহিছে বুলি মন্তব্য কৰে।
অনুষ্ঠানত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে গান্ধীজীৰ মতাদৰ্শৰ ওপৰত আলোকপাত কৰি সকলোকে হিংসা, দ্বেষ আৰু ভেদাভেদৰ মনোভাৱ পৰিহাৰ কৰি সমিলমিলে নিজৰ দেশ আৰু জাতিটোৰ উত্তৰণৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়।
অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মণি গগৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ গান্ধীজীৰ জীৱন-দৰ্শনৰ ওপৰত মনোগ্ৰাহী বক্তব্য দাঙি ধৰে। নিজ বক্তব্য তেওঁ কয় যে, "অহিংসা আৰু সত্যাগ্ৰহৰ নীতিক সাৰোগত কৰি গান্ধীজীয়ে সমগ্ৰ দেশবাসীক স্বাধীনতা সংগ্ৰামত সবল নেতৃত্ব প্ৰদান কৰি ঔপনিবেশিক ব্ৰিটিছ শাসনৰ কৱলৰ পৰা ভাৰতক স্বাধীন ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা কৰালে। কিন্তু কেৱল বিদেশী শাসনৰ পৰা মুক্তি লাভেই ভাৰতীয় জনসাধাৰণক উত্তৰণৰ পথ দেখুৱাব নোৱাৰে বুলি গান্ধীজীয়ে উপলব্ধি কৰিছিল। জাত-পাত, সামাজিক অস্পৃশ্যতাৰ অন্ধকাৰৰ পৰাও মুক্তি অবিহনে ভাৰতৰ জনসাধাৰণৰ যে সৰ্বাংগীন কল্যাণ সম্ভৱ নহয়, সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ নিজ দেশবাসীৰ মাজত অস্পৃশ্যতা আৰু জাতি-বৰ্ণ-ধৰ্ম বিদ্বেষৰ অন্ত পেলাবলৈ আন এখন যুঁজৰ নেতৃত্ব দিছিল।" তেওঁ লগতে কয় যে, আমাৰ দেশ আজি নিৰন্তৰ প্ৰগতিৰ পথত আগুৱাৰ সময়তো বাপুজী, মহামানৱ মহাত্মা গান্ধীজীয়ে দেখুৱাই থৈ যোৱা অহিংসা, সত্য, শান্তি আৰু মানৱতাবাদ আধাৰিত জীৱনাদৰ্শৰ প্ৰাসংগিকতা ক্ৰমশঃ অধিক বৃদ্ধি পাইছে।
আজিৰ অনুষ্ঠানত নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, সোণাৰি পৌৰসভাৰ ভালেকেইগৰাকী ৱাৰ্ড কমিছনাৰ, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।