অসমৰ গোলাঘাট জিলাত শনিবাৰে তিনি যুৱকক পিষ্টলসহ গ্ৰেপ্তাৰ কৰা হয়। মেৰাপানীত আৰক্ষী, চি আৰ পি এফ আৰু আছাম ৰাইফলছৰ নেতৃত্বত চলা এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় যুৱক তিনিজনক।

নাগালেণ্ডৰ পৰা অহা মাছন্দ ওডুও, ছেম টকবি আৰু কামলেং থাং বুলি চিনাক্ত কৰা হৈছে তিনিওজন অভিযুক্ত।

অৰুণাচল প্ৰদেশৰ পৰা মেৰাপানী হৈ নাগালেণ্ডলৈ গৈ আছিল আটাকাধীন যুৱক কেইজন।

পিষ্টলৰ উপৰি নগদ ধন, আপত্তিজনক নথি-পত্ৰ, মোবাইল ফোন, এখন বাইক আৰু এখন এল্ট’ গাড়ীও জব্দ কৰে।