আজি মহাষষ্ঠী।‌ প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গাপূজা উপলক্ষে দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস ।বেলবৰণ বা বিল্ববোধনেৰে দেৱীক আৱাহন তথা দেৱী দশভূজাৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। আকাশে বতাহে দেৱী বন্দনাত মুখৰিত -----

" যা দেৱী সর্বভূতেষু শক্তিৰূপেণ সংস্থিতা।নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ।।"

মহামায়া দেৱীৰ গজে আগমন।ফল শস্য পূৰ্ণা বসুন্ধৰা। আজিৰ পৰা বিজয়া দশমীলৈ আৰম্ভ হয় দেৱীৰ যথাবিহীত পূজা। দেৱীৰ নৌকাত গমন ।ফল শস্য আৰু জল বৃদ্ধি।দুৰ্গতিনাশিনী দেৱীয়ে সৰ্ব সাধাৰণৰ দুখ- দুৰ্দশা নাইকিয়া কৰক - এয়া সকলোৰে প্ৰাৰ্থনা।।