দুৰ্গা পূজাৰ প্ৰাক্মুহূৰ্তত বৃহস্পতিবাৰে ধুবুৰীৰ বৰলুইতৰ সংঘটিত হয় ভয়াৱহ নাও দুৰ্ঘটনা৷ ব্ৰহ্মপুত্ৰৰ বুকুত নাও বুৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়৷ এই বাতৰি যুগুতোৱা পৰলৈকে এজন চক্ৰ বিষয়া সন্ধানহীন হৈ আছে৷ লক্ষণীয়ভাৱে লাইফ জেকেট আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি নথকা দুৰ্বল নাওখনত অত্যধিক যাত্ৰী আছিল৷ ইয়াৰে বহু যাত্ৰীৰ দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে৷ তেওঁলোকৰ ভিতৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছে৷ আজিৰ ঘটনাৰ পৰা পুনৰ স্পষ্ট হৈ পৰিল যে ইতিপূৰ্বে সংঘটিত নাও দুৰ্ঘটনাসমূহৰ পৰা চৰকাৰ-প্ৰশাসনে এধানমানো শিক্ষা নল’লে৷ ধুবুৰী চহৰৰ পাশ্বৰ্ৱৰ্তী আয়ৰণ জমলা প্ৰথম খণ্ড অঞ্চলৰ সমীপৰ নিৰ্মীয়মান ধুবুৰীঃফুলবাৰী দলংখনৰ কাষত লুইতত হোৱা নাও দুৰ্ঘটনাটোত বৰ্তমানলৈ সন্ধানহীন হৈ আছে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস৷ আজিৰ সেই দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ লাট মণ্ডল নমেজ উদ্দিন আৰু ফিল্ড অফিচাৰ পিটাৰ শ্বাহ৷ স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় দুয়ো৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখনত থকা তথা লাট মণ্ডল নমেজ উদ্দিনৰ ভাষ্য অনুসৰি, আজি চক্ৰ বিষয়াৰে সৈতে তেওঁলোকৰ তিনিজনীয়া দলটোকে ধৰি অঞ্চলটোৰ জিলা পৰিষদৰ সদস্যা বেগী বেগমসহ আজি পুৱা মতিৰচৰৰ পৰা বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নামৰ এটা চৰাঞ্চলত নৈখনে চলাই থকা খহনীয়াৰ চৰজমিন তদন্ত চলাবলৈ গৈছিল৷ যোৱাৰ সময়ত দলটোৱে নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ সমীপত চৰকাৰী বাহনখন নিৰ্মাণকাৰী সংস্থা এলএণ্ডটিয়ে নিৰ্মাণ কৰা অস্থায়ী দলং এখনেৰে ই-ৰিস্কাৰে গন্তৱ্যস্থললৈ গৈছিল৷ লাট মণ্ডলজনৰ ভাষ্য অনুসৰি ওভতাৰ সময়ত এলএণ্ডটিৰ কৰ্মচাৰীয়ে যোৱাৰ সময়ত ব্যৱহাৰ কৰা নিৰ্মাণকাৰী সংস্থাটোৰ সেই অস্থায়ী দলংখনেৰে আহিবলৈ বাধা দিয়ে৷ আনকি চক্ৰ বিষয়া দাসে নিজকে কাৰ্যবাহী দণ্ডাধীশ বুলি পৰিচয় দিয়াৰ পাছতো তেওঁলোকক আহিবলৈ বাধা দিয়া হোৱা বুলিও সাংবাদিকৰ সন্মুখত দাবী কৰিছে নমেজ উদ্দিনে৷ তেতিয়া উপায়হীন হৈ তেওঁলোকে আনুমানিক দিনৰ ১০/১০.৩০ বজাত আমিনৰ চৰৰ পৰা এখন ভুটভুটিৰে আহিবলৈ লয় আৰু নৈৰ পানীত বুৰ গৈ থকা অৱস্থাত ধুবুৰীঃ ফুলবাৰী দলঙৰ এটা খুঁটাত খুন্দা খাই আদবাটতে সেইখন লুইতত বুৰ যায়৷ ঘটনাটোৱে পাৰৰ দুইকাষে থকা প্ৰত্যক্ষদৰ্শীৰ মাজত হুৱাঃদুৱা লাগে আৰু স্থানীয় ৰাইজৰ তৎপৰতাত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল, ফিল্ড অফিচাৰ, ধুবুৰী জিলা পৰিষদৰ সদস্যা বেবী বেগম আৰু তেওঁৰ স্বামীসহ কেইবাজনো ব্যক্তিৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও চক্ৰ বিষয়া সঞ্জু দাস বৰ্তমানলৈ সন্ধানহীন হৈ আছে৷ ইপিনে দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ কিমানজন যাত্ৰীৰ প্ৰাণৰক্ষা পৰিছে তাৰ নিশ্চিত তথ্য পোৱা হোৱা নাই যদিও ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালক মুফাজ্জল আলী সৰকাৰে [এই বাতৰি পঠিওৱা লৈ] ১০/১২ জন যাত্ৰী উদ্ধাৰ হোৱা বুলি সদৰি কৰিছে৷ ইপিনে প্ৰায় দহবছৰ পূৰ্বে ৰাজ্য কঁপাই যোৱা মেদেৰটাৰীৰ সেই শোকাৱহ নাও দুৰ্ঘটনাটোৰ অনুৰূপে আজি দুৰ্ঘটনাত পতিত হোৱা সেই নাওখনত থকা প্ৰকৃত যাত্ৰীৰ সংখ্যাক লৈও সৃষ্টি হৈছে বিভ্ৰান্তিৰ৷ নাওখনত থকা তথা কথমপি প্ৰাণৰক্ষা পৰা লাট মণ্ডল নমেজ উদ্দিনৰ ভাষ্য অনুসৰি নাওখনত স্কুলীয়া ছাত্ৰঃছাত্ৰীকে ধৰি আনুমানিক ৬০-৭০জনমান যাত্ৰী আছিল৷ আনহাতে, ধুবুৰী জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালকজনে পাৰত থকা চক্ৰ বিষয়াৰ চৰকাৰী বাহনখনৰ চালকৰ উদ্ধৃতি দি নাওখনত ২৫ জনমান যাত্ৰী থকা বুলি দাবী কৰিছে৷ ইপিনে দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা লোকসকলৰ অঞ্চলটোৰ বৰ লুইতত আধুনিক সাঃসজুলিৰে এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত আছে আৰু ইতিমধ্যে দলটোৱে দুৰ্ঘটনাত পতিত হোৱা নাওখন উদ্ধাৰ কৰিছে৷ উদ্ধাৰ অভিযান চলাবলৈ এনডিআৰএফ বাহিনীৰ দলো বঙাইগাঁও, গোৱালপাৰা, গুৱাহাটী আদিৰ পৰা ধুবুৰীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে দুৰ্ঘটনাটোৰ বাতৰি পোৱাৰ পিছ মুহূৰ্ততে জিলা উপায়ুক্ত অন্বামুথন এম পি, ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱেকে ধৰি প্ৰশাসন আৰু আৰক্ষীৰ উচ্ছপদস্থ বিষয়াবৰ্গই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰকী কৰি থকা দেখা গৈছে৷ ইপিনে আজিৰ সেই নাও দুৰ্ঘটনাটোৰ পাছত জিলা প্ৰশাসনৰ নিষেধাজ্ঞাস্বত্ত্বেও যে ধুবুৰীৰ বিভিন্ন চৰাঞ্চলৰ পৰা মেৰাইন অথবা ডাবল ইঞ্জিন নথকা যাত্ৰীবাহী ভুটভুটী চলি আছে সেয়াও উদঙাই দিয়া বুলিও উচ্ছাৰিত হৈছে৷ উল্লেখ্য যে, মাথোঁ কেইমাহমান পূৰ্বে ধুবুৰীৰ চক্ৰ বিষয়াৰ দায়িত্ব লভি অমায়িক আৰু কৰ্মঠ বুলি ৰাইজৰ সুনাম বুটলা সন্ধানহীন হৈ থকা সঞ্জু দাসৰ ঘৰ শিলচৰত৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
पाकिस्तानी डॉन शहजाद भट्टी की मिथुन चक्रवर्ती को धमकी:बोला- बकवास पर माफी मांगो वरना पछताना पड़ेगा
दुबई में बैठे पाकिस्तानी डॉन शहजाद भट्टी ने कोलकाता से BJP नेता और एक्टर मिथुन चक्रवर्ती को...
Wrestlers Protest: Naresh Tikait ने UP में बुलाई Khap Panchayat | Brijbhushan की पहलवानों को नसीहत
Wrestlers Protest: पहलवानों के मामले में आज उत्तर प्रदेश के मुज़फ्फरनगर में खाप महापंचायत का आयोजन...
टोरेंट पावर की लापरवाही से छात्रा के साथ हुआ हादसा
आगरा: निजी विधुत कंपनी टोरेंट पावर की लापरवाही के चलते एक बड़ा हादसा टल गया। ट्रांसफार्मर में तेज...
શ્રાવણ માસ દરમિયાન ફળોની માગ વધી
વઢવાણ : જિલ્લામાં શ્રાવણ માસના દિવસોમાં ઉપવાસો સાથે શિવજીની આરાધના કરી રહ્યા છે. જિલ્લામાં દૈનિક...