●নতুন বজাৰ আৰক্ষী চকী হল গৈ চাউলৰ গুদাম।।

●মাজুলীত সাংবাদিক ৰ প্রচেষ্টা ত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ।।

●শিৱসাগৰৰ চোৰাং চাউলে মাজুলীত ৰমৰমীয়া বেহা।

●কোন কোন জড়িত চৰকাৰী চাউলৰ ক'লা বেহাত?

 হয়,প্ৰধানমন্ত্ৰী গৰিব কল্যান যোজনা আৰু ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনাৰ চাউলৰ উজনি মাজুলীত চলিছে ৰমৰমীয়া বেহা। শিৱসাগৰ জিলাৰ পৰা চিকাৰী ঘাটেৰে ভট ভটি নাওঁৰে নিয়মীয়া কৈ মাজুলীলৈ সৰবৰাহ হয় চোৰাং চাউল।মাজুলীৰ একাংশ সাংবাদিকৰ প্রচেষ্টাত লাচন কুমাৰ চাপৰিত শিৱসাগৰৰ পৰা অহা প্রায় বিশ কুইণ্টল চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয় নতুন বজাৰ আৰক্ষীয়ে । নিশা দুপৰত সেই দুৰ্গম চাপৰিৰ পৰা চাউল খিনি আনি নতুন বজাৰ আৰক্ষী চকীত মজুত কৰে ।

মাজুলীৰ সাংবাদিক সকল সেই স্থানত উপস্থিত হোৱাৰ সময়ত কেমেৰা দেখি পলাই পতংগ দিয়ে চোৰাং বেপাৰীসহ এখন টেক্টৰ। এই চোৰাং ব্যৱসায় লগত শিৱসাগৰৰ কোন সমবায় সমিতি জড়িত কোন চোৰাং বেপাৰীয়ে সৰবৰাহ কৰে চাউল আমি তথ্য সহকাৰে ফাদিল কৰিম পৰবৰ্তী সময়ত ।বৰ্তমান নতুন বজাৰ আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।